শীৰ্ষস্থান অবিহনে অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ, বাণিজ্য শাখাত ৮৭.৮০ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২,৭৩,৯০৮ গৰাকী পৰিক্ষাৰ্থীৰ মাজৰ পৰা ২,৪২,৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ ৪০,৪৯৯ গৰাকী প্ৰথম বিভাগত, ৬৫,৫৩২ গৰাকী দ্বিতীয় বিভাগত আৰু ৭২,৭৭৫ গৰাকী পৰিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত ২৩,৫৫২ গৰাকী প্ৰথম বিভাগত, ১৭,৩৩৯ গৰাকী দ্বিতীয় বিভাগত আৰু ৮,০৬২ গৰাকী পৰিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীর্ণ হয়। আনহাতে বাণিজ্য শাখাত ৫,৯১৫ গৰাকী প্ৰথম বিভাগত, ৬ হাজাৰ ৮৭ গৰাকী দ্বিতীয় বিভাগত আৰু ৩,১৯৪ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বৃত্তিমুখী শাখাত ১৬৩ গৰাকী প্ৰথম বিভাগত, ৪৪৫ গৰাকী দ্বিতীয় বিভাগত আৰু ১৪০ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ফলাফলত প্ৰকাশ পোৱা মতে এইবাৰৰ পৰীক্ষাত কলা শাখাত বাক্সা জিলাই প্রথম স্থান, নলবাৰী জিলাই দ্বিতীয় আৰু দৰং জিলাই তৃতীয় স্থান লাভ কৰিছে। আনহাতে বিজ্ঞান শাখাত তামুলপুৰ আৰু শিৱসাগৰ জিলাই প্রথম স্থান লাভ কৰাৰ বিপৰীতে বাক্সা আৰু যোৰহাট জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু কামৰূপ জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে বাণিজ্য শাখাত বজালী জিলাই প্রথম স্থান, বাক্সা আৰু তামুলপুৰ জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু নগাঁও জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি যোৰহাট জিলাত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৯৫,০৪ শতাংশ৷ আনহাতে, কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৫.০২ শতাংশৰ বিপৰীতে বাণিজ্য শাখাত এই হাৰ হৈছে ৮৬.৬৫ শতাংশ। একেদৰে শোণিতপুৰ জিলাত বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা ৯,৩১০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৮,১৩১গৰাকী উত্তীৰ্ণ হৈছে। তামুলপুৰ জিলাৰ বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ ১০৫গৰাকী পৰিক্ষাৰ্থীৰ ভিতৰত ৩২গৰাকীয়ে প্ৰথম বিভাগত, ৬৬গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৭গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানে ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে। ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৭ শতাংশ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত এই হাৰ হৈছে ৯৬.৪ শতাংশ। মহানগৰীৰ তাৰিণী চৰণ চৌধুৰী চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ১০০ শতাংশ ছাত্র-ছাত্রী উত্তীৰ্ণ হবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক

সকলো চাওক