June 29, 2024 12:49 PM | agriculture

printer

বিভিন্ন আলোচনা-পর্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল মৰিগাঁৱত উপস্থিত

কৃষি বিভাগৰ দ্বাৰা বিভিন্ন আলোচনা-পর্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে কালি অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল মৰিগাঁৱত উপস্থিত হয়। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ ৰাজ্যিক ন’ডেল বিষয়া ভাস্কৰ কলিতাৰ নেতৃত্বত অহা প্ৰতিনিধিৰ দলটোৱে জিলাখনৰ কৃষি পদ্ধতিৰ মূল্যাংকন আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দলটোৱে কৃষকসকলৰ মনৰ ভাব জানিবলৈ চেষ্টা কৰে। প্ৰথমে প্ৰতিনিধি দলটো জাগীৰোড কৃষি চক্ৰৰ অন্তর্গত আমলিঘাট, বানানা প্রডিউচাৰ কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হয়। ইয়াৰ পিছতে দলটো জাগীৰোডৰ মকৰীয়াত অসম ফ্লৰি কালচাৰ মিছনৰ অধীনত কৃষক নিপজ্যোতি বৰাই ব্যৱসায়ভিত্তিত কৰা এন্থৰিয়াম ফুলৰ খেতি পৰিদৰ্শন কৰে। ইফালে কাৰ্বি আংলং জিলাৰ ডিফু কৃষি বিজ্ঞান কেন্দ্ৰই জিলাখনত কৃষি উৎপাদন দুগুণ কৰাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে। সেই অনুসৰি কালি ধনশিৰিৰ কঠালগুৰিত স্থানীয় কৃষকৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবৰ বাবে ডিফু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ সকলে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে।

অধিক পঢ়ক

সকলো চাওক