ডাউনলোড
মোবাইল এপ

android apple
signal

December 30, 2024 8:16 PM | agp meeting guwahati

printer

অগপৰ মুখ্য কাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে অতুল বৰাৰ মত বিনিময় অনুষ্ঠান

২০২৫ বৰ্ষৰ আৰম্ভণিৰে পৰা ব্যাপক কর্মসূচীৰে অসম গণ পৰিষদ দলে ৰাজ্যখনত প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰাটোক অধিক সবল ৰূপ প্ৰদান কৰিব। নতুন বছৰৰ প্ৰাকক্ষণত এই নতুন সংকল্প বাস্তৱায়িত কৰাৰ দিশত কাম-কাজ অব্যাহত ৰাখিব বুলি আজি অগপৰ মুখ্য কাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰকাশ কৰে। দলটোৱে গাঁৱে-গাঁৱে অগপ, চহৰে-নগৰে অগপ শীৰ্ষক এটা বছৰজোৰা পৰিকল্পনা গ্রহণ কৰিছে বুলিও জানিবলৈ দিয়ে। সভাপতি শ্ৰীবৰাই কয়, যে ৰাজ্যখনৰ জনসাধাৰণৰ কাষলৈ গৈ আঞ্চলিকতাবাদ তথা অগপক অধিক শক্তিশালী কৰি তোলাটোৱে এই অভিযানৰ মূল উদ্দেশ্য। শ্ৰীবৰাই লগতে সমাগত বছৰটোক দলে মাতৃভাষা বৰ্ষ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জনায়। এই সময়ছোৱাত অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়, একতা আৰু সম্ভাৱ ৰক্ষা কৰাটো অগপৰ মূল লক্ষ্য হব বুলিও তেওঁ কয়। আঞ্চলিকতাবাদৰ মূল হোতা হিচাপে অগপই ৰাইজৰ কাষত থাকি কাম কৰি যাবলৈ বদ্ধপৰিকৰ বুলিও শ্ৰীবৰাই উল্লেখ কৰে। ইংৰাজী নৱবৰ্ষই জাতি-জনগোষ্ঠী, ধর্ম-ভাষা নির্বিশেষে অসমবাসীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী কৰি তুলিব বুলি দলটোৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক