অসম গণ পৰিষদৰ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৪ অক্টোবৰত ডিব্ৰুগড় জিলাৰ জেৰাইত কেন্দ্রীয়ভাৱে উদযাপন কৰা হ’ব। ইয়াৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিটেই এই দিৱস উদযাপন কৰা হ’ব। এই দিৱসৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি গুৱাহাটীৰ আমবাৰীত দলৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ সম্পৰ্কে আলোচনা কৰে। তদুপৰি দলে আয়োজন কৰিবলগীয়া বিধানসভা সমষ্টিভিত্তিক কর্মশালা, সদস্যভর্তি অভিযান, অসম বিধানসভাৰ উপ-নির্বাচন, স্বায়ত্তশাসিত পৰিষদীয় নির্বাচন আৰু সাংগঠনিক দিশৰ সন্দৰ্ভতো আলোচনা কৰা হয়। এই বৈঠকত দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে দলৰ নেতা- কর্মীসকল উপস্থিত থাকে।
Site Admin | September 24, 2024 7:37 PM | agp foundation day dibrugarh