ডাউনলোড
মোবাইল এপ

android apple
signal

February 25, 2025 8:01 PM | Advantage Assam 2.0

printer

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ উদ্বোধনী সত্ৰত আজি কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীৰ অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ উদ্বোধনী সত্ৰত আজি কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীয়ে অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে। আদানি গোটৰ অধ্যক্ষ গৌতম আদানিয়ে তেওঁৰ ভাষণত অসমত এৰ’চিটী, চিমেণ্টকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰে। অনুষ্ঠানত ভাষণ দি ৰিলায়েন্স গোটৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত মেগা ফুড পার্ক, সপ্ত তাৰকাযুক্ত হোটেল, দুটা জৈৱ ইন্ধন গোটকে ধৰি ৫ টা গুৰুত্বপূৰ্ণ খণ্ডত অহা ৫ বছৰত ৫০ হাজাৰ কোটিৰো অধিক ধন বিনিয়োগৰ কথা প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত ১০ হাজাৰ কৰ্ম সংস্থাপনৰ সৃষ্টি হব বুলিও অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। অনাগত সময়ত অসম প্ৰযুক্তিৰ ভূস্বৰ্গ হিচাপে পৰিগণিত হব বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয়, যে লাহে লাহে জনসাধাৰণে AI বুলি কলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগতে আছাম ইণ্টেলিজেন্স বুলি কব।

টাটা ছ’ন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে তেওঁৰ ভাষণত কয়, যে অসমৰ সৈতে টাটা গ্ৰুপৰ কেইবা দশকজোৰা সম্বন্ধ আছে। বিগত বৰ্ষত টাটা অর্ধপৰিবাহী প্ৰকল্পৰ আৰম্ভণিৰ জৰিয়তে অসম আৰু টাটা গ্ৰুপৰ মাজৰ সম্বন্ধ সুদৃঢ় হল বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয়, যে অসম চৰকাৰে ঔদ্যোগিক বিকাশৰ নতুন মাত্ৰা নিৰ্ধাৰণ কৰিছে। তেওঁ কয়, যে টাটা গোটে অনাগত সময়ত ৰাজ্যখনত আন এটা বৃহৎ নিৰ্মাণ প্ৰযুক্তিৰ প্ৰকল্পত বিনিয়োগ কৰিব আৰু ইয়াৰ ফলত ৩০ হাজাৰ যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব। বেদান্তা গোটৰ অধ্যক্ষ অনিল আগৰৱালাই অহা দুবছৰত অসমত এক লাখ বেৰেল তেল উৎপাদন কৰিব বুলি ঘোষণা কৰে। একেদৰে জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালে তেওঁৰ ভাষণত কয়, যে উত্তৰ-পূব সমৃদ্ধিশালী হলেহে দেশ সমৃদ্ধিশালী হব। শ্রীজিন্দালে অসমৰ নৱীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণ দি কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বর্তমান অসম অভূতপূর্ব ইতিবাচক পৰিৱৰ্তনৰ সাক্ষী হৈছে। তেওঁ কয়, যে এসময়ৰ সমস্যা জৰ্জৰিত ৰাজ্যৰ পৰা অসম বর্তমান এখন শান্তিপূৰ্ণ ৰাজ্য হিচাপে ৰূপান্তৰৰ যাত্ৰাৰে আগবাঢ়িছে। ড০ শৰ্মাই দেশ-বিদেশৰ ব্যৱসায়ী আৰু উদ্যোগীসকলক ৰাজ্যখনত বিনিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক বিনিয়োগৰ বাবে উপযুক্ত পৰিৱেশ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

অধিক পঢ়ক

সকলো চাওক