মঙলদৈ জিলা পুথিভঁৰালত সূক্ষ্ম পর্যবেক্ষকৰ দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি

সমাগত লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিভিন্ন প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচীসমূহ ৰাজ্যজুৰি অব্যাহত ৰখা হৈছে। এই উপলক্ষে মঙলদৈ জিলা পুথিভঁৰালত সূক্ষ্ম পর্যবেক্ষকসকলৰ এখন দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিয়োগ কৰা ২৫৯ জন সূক্ষ্ম পর্যবেক্ষকক এই কাৰ্যসূচীত প্রশিক্ষণ দিয়া হয়। ইতিমধ্যে জিলাখনৰ দলগাঁও, মঙলদৈ আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটগ্রহণকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। ইফালে জিলাখনত ভোটদাতা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্রহণত অংশগ্রহণ কোষ অর্থাৎ ছুইপে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলাখনত তিনিটা বিধানসভা সমষ্টিত মুঠ ৮৩৫ টা ভোটগ্রহণ কেন্দ্র আছে বুলি বিভাগীয় কর্তৃপক্ষই জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক