বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামৰ উদ্বোধনী সত্ৰত আজি কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীয়ে অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে। আজিৰ অনুষ্ঠানত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি, বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা, টাটা ছ’ন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰ, জে এছ ডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দালকে ধৰি ভালেমান উদ্যোগপতিয়ে ভাষণ দিয়ে। আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে তেওঁৰ ভাষণত অসমত এৰ’চিটী, চিমেণ্টকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ব্যক্ত কৰে। অনুষ্ঠানত ভাষণ দি ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত মেগা ফুড পার্ক, সপ্ত তাৰকাযুক্ত হোটেল, দুটা জৈৱ ইন্ধন গোটকে ধৰি ৫ টা গুৰুত্বপূৰ্ণ খণ্ডত অহা ৫ বছৰত ৫০ হাজাৰ কোটিৰো অধিক ধন বিনিয়োগৰ কথা প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত ১০ হাজাৰ কৰ্ম সংস্থাপনৰ সৃষ্টি হ‘ব বুলিও অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। অনাগত সময়ত অসম প্ৰযুক্তিৰ ভূস্বৰ্গ হিচাপে পৰিগণিত হ‘ব বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয়, যে লাহে লাহে জনসাধাৰণে AI বুলি ক‘লে আর্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰিৱৰ্তে আছাম ইণ্টেলিজেন্স বুলি ক‘ব।
টাটা ছ’ন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে তেওঁৰ ভাষণত কয়, যে অসমৰ সৈতে টাটা গ্ৰুপৰ কেইবা দশকজোৰা সম্বন্ধ আছে। বিগত বৰ্ষত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আৰম্ভণিৰ জৰিয়তে অসম আৰু টাটা গ্ৰুপৰ মাজৰ সম্বন্ধ সুদৃঢ় হ‘ল বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয়, যে অসম চৰকাৰে ঔদ্যোগিক বিকাশৰ নতুন মাত্ৰা নিৰ্ধাৰণ কৰিছে। তেওঁ কয়, যে টাটা গ্রুপে অনাগত সময়ত ৰাজ্যখনত আন এটা বৃহৎ নিৰ্মাণ প্ৰযুক্তিৰ প্ৰকল্পত বিনিয়োগ কৰিব আৰু ইয়াৰ ফলত ৩০ হাজাৰ যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব। বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই অহা দুবছৰত অসমত এক লাখ বেৰেল তেল উৎপাদন কৰিব বুলি ঘোষণা কৰে।
জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালে তেওঁৰ ভাষণত কয়, যে উত্তৰ-পূব সমৃদ্ধিশালী হ‘লেহে দেশ সমৃদ্ধিশালী হ‘ব। শ্রীজিন্দালে অসমৰ নৱীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগৰ সম্ভাৱনাৰ কথা উল্লেখ
কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণ দি কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমান অসম অভূতপূৰ্ব ইতিবাচক পৰিৱৰ্তনৰ সাক্ষী হৈছে। তেওঁ কয়, যে এসময়ৰ সমস্যা জৰ্জৰিত ৰাজ্যৰ পৰা অসম বৰ্তমান এখন শান্তিপূৰ্ণ ৰাজ্য হিচাপে ৰূপান্তৰৰ যাত্ৰাৰে আগবাঢ়িছে। ড০ শৰ্মাই দেশ- বিদেশৰ ব্যৱসায়ী আৰু উদ্যোগীসকলক ৰাজ্যখনত বিনিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক বিনিয়োগৰ বাবে উপযুক্ত পৰিৱেশ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
উল্লেখযোগ্য যে দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে আজিৰেপৰা দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই দুদিনীয়া সন্মিলনত উদ্বোধনী সত্ৰ, ৭ খন মন্ত্ৰী পৰ্যায়ৰ সত্ৰ আৰু ১৪ খন বিষয় সম্বলিত সত্ৰ অনুষ্ঠিত হ‘ব। এই সত্ৰসমূহত অসমৰ ঔদ্যোগিক বিকাশ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য অংশীদাৰ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ আদিকে ধৰি বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰা হ‘ব ।
আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ভূটানৰ কৃষি মন্ত্ৰী, চুবুৰীয়া ৰাজ্যৰ কেইবাগৰাকী মুখ্য মন্ত্ৰীকে ধৰি ৬১ খন দেশৰ ৰাষ্ট্রদূত, ব্যৱসায়িক প্ৰতিনিধি গোট আৰু উদ্যোগ বিশেষজ্ঞই অংশগ্ৰহণ কৰে।