ডাউনলোড
মোবাইল এপ

android apple
signal

February 24, 2025 12:44 PM | Advantage Assam

printer

ঝুমইৰ বিনন্দিনী আৰু এডভান্টেজ আছাম শীর্ষ সন্মিলনত অংশ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী আজি অসম আগমণ

এডভান্টেজ আছাম শীর্ষ সন্মিলনত অংশ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। শ্রীমোডীয়ে আজি ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনী উপভোগ কৰি সন্ধিয়াৰ ভাগত সন্মিলনৰ প্ৰদৰ্শনী উদ্বোধন কৰিব। কাইলৈ প্ৰধানমন্ত্রীয়ে এডভান্টেজ আছাম শীর্ষ সন্মিলন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা এই সন্মিলনৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে খানাপাৰাত উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে কয়।

এই সন্মিলনৰ বাবে মহানগৰীৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। এই অনুষ্ঠানৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হব নোৱাৰে তাৰ বাবে পৰ্যাপ্ত সংখ্যক সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে সকলো দিশত নিৰাপত্তাৰক্ষী সকলে চোকা দৃষ্টি ৰাখিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেবিনেট মন্ত্রী, বিশিষ্ট উদ্যোগপতি আৰু ৰাষ্ট্ৰদূতসকলৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতিনিধিসকলক ৰাষ্ট্ৰীয় ঘাইপথেৰে অনুষ্ঠানস্থলীলৈ অনা হব যাতে গুৱাহাটীৰ ভিতৰত যান-বাহনৰ চলাচল বিশেষভাৱে প্ৰভাৱিত নহয়। অৱশ্যে, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক তথা বিশেষ বাবে সক্ষম ব্যক্তি আৰু জৰুৰীকালীন বাহন আদিৰ চলাচলত সুবিধা হোৱাকৈ মহানগৰ আৰক্ষী প্ৰশাসনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। আজিৰেপৰা পৰা পৰহিলৈ পর্যন্ত এই নির্দেশনাসমূহ কাৰ্যকৰী হব।

অধিক পঢ়ক

সকলো চাওক