এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। এই সন্মিলনত ভাগ লোৱাৰ বাবে পৰহিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হ’ব। তদুপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত ৫০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূতে এই অনুষ্ঠানত অংশ ল’ব। কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে এই অনুষ্ঠানৰ অংশ হিচাপে কমেও পাঁচখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰত অংশ লোৱাৰ কথা। এই সন্মিলনে ৰাজ্যখনত উন্নয়ন বৃদ্ধিৰ লগতে ঔদ্যোগিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ইতিবাচক পৰিৱেশৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। তেওঁ কয়, যে অসম অনাগত সময়ত পৰিবহণ আৰু সামগ্ৰী যোগানৰ ক্ষেত্ৰত অন্যতম কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। বিশ্বমানৰ বহুমুখী ল’জিষ্টিক উদ্যান, উন্নত এয়াৰ কাৰ্গোৰ সুবিধা, সমৃদ্ধ ই-বাণিজ্য খণ্ডৰ দ্বাৰা ৰাজ্যখনে ইতিমধ্যে বাণিজ্যৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। তদুপৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ বিকাশৰ ক্ষেত্ৰতো ৰাজ্যখনত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয়, যে বৃহৎ সংখ্যক উদ্যোগৰ বিকাশ আৰু নিযুক্তিৰ সুযোগ সৃষ্টিৰে ৰাজ্যখনে উদ্ভাৱন, উদ্যোগ আৰু আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত উল্লেখনীয় সাফল্য লাভ কৰিছে।
Site Admin | February 22, 2025 9:32 PM | Advantage Assam
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ কটকটীয়া সুৰক্ষা ব্যৱস্থা, প্ৰস্তুতি প্রায় সম্পূৰ্ণ
