দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই শীর্ষ সন্মিলনে ৰাজ্যখনত অধিক বিনিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি মত প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে বাঁহৰ জৰিয়তে অসমে নিৰ্মাণ, বস্ত্ৰ, হস্তশিল্প আৰু অন্যান্য ক্ষেত্ৰত নতুন সম্ভাৱনাৰ উন্মোচন কৰিছে বুলি উল্লেখ কৰি কয়, যে এনে পদক্ষেপে ৰাজ্যখনৰ বহনক্ষমতা আৰু বিকাশৰ ভৱিষ্যত নিশ্চিত কৰাত অধিক উৎসাহ যোগাব। তেওঁ সেউজ ভৱিষ্যতৰ বাবে এই খণ্ডত বিনিয়োগ কৰিবলৈ বিনিয়োগকাৰীসকলক আহ্বান জনায়। উল্লেখযোগ্য যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ পৰ্যটন, কৃষি, ছেমি কণ্ডাক্টৰ, পুনৰ ব্যৱহাৰযোগ্য শক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ সুযোগৰ বিষয়ে সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰি আহিছে।
পৰ্যটন মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি এই সন্মিলনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ৩৭ খন হোটেলৰ পৰিচালন সঞ্চালক আৰু প্ৰবন্ধক সকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে এই শীৰ্ষ সন্মিলন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে তেওঁলোকৰ সহযোগিতা কামনা কৰে। এই আলোচনাত অসম পর্যটন উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ কুমাৰ দাসকে ধৰি বিভাগটোৰ কেইবাগৰাকী বিষয়াই ভাগ লয়। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ সংবাদমাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে আলোচনা মিলিত হৈ তেওঁলোকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁলোকক এই শীর্ষ সন্মিলনৰ আয়োজক হিচাপে সেৱা আগবঢ়াই অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
ইপিনে ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে জিলাই জিলাই প্রস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে এই অনুষ্ঠানত ঝুমুৰ নৃত্যক বিশ্বৰ প্ৰেক্ষাপটত তুলি ধৰিব। মুখ্যমন্ত্ৰীয়ে কয়, যে অসমৰ চাহৰ ২০০ বছৰীয়া চহকীৰ ঐতিহ্য তথা চাহ বাগিচাৰ সংস্কৃতিক প্ৰদৰ্শন কৰিবলগীয়া এই অনুষ্ঠানলৈ মাজত মাত্ৰ ৫টা দিন বাকী আছে। তেওঁ ঝুমুৰ নৃত্যত সংগত কৰা মাদল, তাল, ধমছা, ঢোল আদি বিভিন্ন বাদ্যৰ কথা উল্লেখ কৰি কয়, যে সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৮ হাজাৰ চাহ জনগোষ্ঠীৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া এই ঝুমুৰ নৃত্য অতি আকর্ষণীয় আৰু অভূতপূৰ্ব হ’ব।
এই অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহীসকলে নিজৰ এখন বৈধ পৰিচয় পত্ৰ জমা দি সৰুসজাই ক্ৰীড়া প্ৰকল্প অথবা পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আমন্ত্ৰণী পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগে জানিবলৈ দিছে।