এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সৈতে সংগতিৰ ৰাখি অসম চৰকাৰে অহা ১৭ ফেব্ৰুৱাৰীৰ দিনৰ চাৰে ১১ বজাত মহাকাশ আৰু ভূস্থানিক প্ৰযুক্তিৰ বিষয়ত এখন অনলাইন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ উদ্ভাৱক, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু উদ্যোগীসকলক আহ্বান জনোৱা হৈছে। ইয়াৰ বাবে ইতিমধ্যে যোৱা ১০ ফেব্ৰুৱাৰীত অনলাইন পঞ্জীয়ন আৰম্ভ হৈছে আৰু ১৬ ফেব্ৰুৱাৰী পঞ্জীয়নৰ অন্তিম দিন। আগ্ৰহীসকলে এই অনলাইন কুইজ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ www.advantageassam.assam.gov.in ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব পাৰিব। এই প্রতিযোগিতাত বিজয়ী প্রথম ৩ গৰাকী প্ৰতিযোগীক নগদ ধনেৰে পুৰস্কৃত কৰা হ‘ব। বচা বচা ১০০ গৰাকী প্রতিযোগীয়ে এডভান্টেজ আছামৰ ভূ-স্থানিক সত্ৰত অংশগ্ৰহণৰ বাবে অহা-যোৱা আৰু থকাৰ সুবিধা লাভ কৰিব ।
Site Admin | February 14, 2025 12:09 PM | Advantage Assam
অহা ১৭ ফেব্ৰুৱাৰীত মহাকাশ আৰু ভূস্থানিক প্ৰযুক্তিৰ বিষয়ত এখন অনলাইন কুইজ প্রতিযোগিতাৰ আয়োজন
