এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ চুৰবানা জুৰঙ উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতে আলোচনাত মিলিত হয়। ড০ শর্মাই বিষয়াগৰাকীৰ সৈতে অনাগত দিনত অসমক নগৰ উন্নয়নৰ লক্ষ্যৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতামূলক প্রচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাসকলৰ সৈতে ফলপ্রসূ আলোচনাত মিলিত হয়। মুখ্যমন্ত্রীয়ে উদ্যোগপতিসকলক জাগীৰোডত হ’বলগীয়া ইলেকট্ৰনিক ছিটিৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে যোৱা নিশা ছিংগাপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক ভাৰতৰ উচ্চায়ুক্ত ড০ শিল্পক আম্বুলেই আদৰণি জনায়। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্ব’তো অংশগ্ৰহণ কৰাৰ লগতে বাণিজ্যিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ সৈতে কেইবাখনো পৃথক বৈঠকত অংশগ্ৰহণ কৰিব। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া এডভান্টেজ আছামৰ বাবে ৰাজ্যত ব্যাপক প্রস্তুতি চলি আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ভালেসংখ্যক দেশী-বিদেশী উদ্যোগীয়ে অংশগ্রহণ কৰিবলগীয়া এই সন্মিলনখন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।