অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকর্ষিত কৰিবলৈ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত আয়োজিত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই সন্মিলনত কমেও ১২ খন ৰাষ্ট্ৰই অংশ লোৱাৰ কথা । সন্মিলনত অংশ লোৱাৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ অসমত উপস্থিত হ’ব বুলি উদ্যোগ মন্ত্ৰী বিমল বৰাই কালি প্ৰকাশ কৰে। সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানটো প্রধানমন্ত্ৰীয়ে অংশ ল’ব বুলি মন্ত্ৰী শ্ৰীবৰাই প্ৰকাশ কৰে । ২৫ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্রীও উপস্থিত থাকিব। পাঁচখন সহযোগী দেশে অংশ ল’বলগীয়া এই সন্মিলনত ৫ শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰাৰ লগতে উদ্যোগ মন্ত্রী বিমল বৰা আৰু আন কেইবাগৰাকীও মন্ত্ৰীয়ে দেশে-বিদেশে বিভিন্ন স্থানত ৰোড শ্ব’ আৰু অন্যান্য কার্যসূচীত অংশ লয়। উদ্যোগ মন্ত্ৰীগৰাকীয়ে কালি এডভাণ্টেজ আছামৰ সভাগৃহ, প্ৰদৰ্শনী, সন্মিলন কক্ষ আদি পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাক সাক্ষাৎ কৰে। একেদৰে সমাগত এডভাণ্টেজ আচাম শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সময়ছোৱাত শ্রীবৈষ্ণৱে ৰাজ্যখনক আন্তর্জাতিক পৰ্যায়ত ছেমিকণ্ডাক্টৰ খণ্ডৰ এখন উল্লেখযোগ্য ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া পৰিকল্পনাসমূহ স্পষ্ট কৰি দিব বুলিও তেওঁ প্ৰকাশ কৰে। এই ক্ষেত্ৰত শ্ৰীবৈষ্ণৱৰ ইতিবাচক মনোভাৱে সম্ভাৱ্য বিনিয়োগকাৰীসকলৰ মনত অসম সম্পৰ্কে সদভাৱ সৃষ্টি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ কৰি ৰাজ্যখনত চলি থকা ঘাইপথ প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে। ৰাজ্যত বিশ্বমানৰ পথ ব্যৱস্থা গঢ়ি তুলিবলৈ এক লাখ কোটি টকা বিনিয়োগ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। সমাগত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত শ্ৰীগাডকাৰীয়ে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতক সংযুক্ত কৰাৰ ক্ষেত্ৰত সেতু হিচাপে অসমৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰিব বুলিও প্ৰকাশ কৰে।
Site Admin | February 4, 2025 1:09 PM | Advantage Assam 2.0
অহা ২৫-২৬ ফেব্ৰুৱাৰীত আয়োজিত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি অব্যাহত
