ডাউনলোড
মোবাইল এপ

android apple
signal

February 8, 2025 1:25 PM | Advantage Assam 2.0

printer

ডিফুত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সভাত নন্দিতা গালোচাৰ অংশগ্ৰহণ

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী নন্দিতা গালোচাই কালি সন্ধিয়া ডিফুত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সভাত অংশগ্ৰহণ কৰি অহা ২৬ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাহাৰীয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰী তথা অন্যান্য লোকসকলক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে এই সন্মিলনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰি বিনিয়োগৰ কৌশল আৰু কাৰিকৰী জ্ঞান আহৰণৰ সুযোগ গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। তেওঁ লগতে এই সন্মিলনত কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাতো প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু বিনিয়োগৰ প্ৰচুৰ সম্ভাৱনা সম্পৰ্কে আলোকপাত কৰাৰ সুবিধা গ্ৰহণ কৰিবলৈ পাহাৰীয়া জিলাখনৰ উদ্যোগীসকলক আহ্বান জনায়। কার্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিৰ উপৰিও পাহাৰীয়া জিলাকেইখনৰ জিলা আয়ুক্তসকলেও এই সভাত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক