ডাউনলোড
মোবাইল এপ

android apple
signal

February 8, 2025 12:56 PM | Advantage Assam 2.0

printer

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি অব্যাহত

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাই আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত কালি দিল্লীত টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অধ্যক্ষগৰাকীৰ সৈতে জাগীৰোডৰ চেমিকণ্ডাক্টৰ প্ৰকল্পকে ধৰি অনাগত সময়ত অসমত টাটা গ্ৰুপৰ বিনিয়োগ সন্দৰ্ভত আলোচনা কৰে। ড° শৰ্মাই লগতে শ্ৰী চন্দ্ৰশেখৰনক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনলৈ আমন্ত্রণ জনায়। উল্লেখযোগ্য যে পাঁচখন সহযোগী দেশে অংশ ল’বলগীয়া এডভান্টেজ আছাম সন্মিলনত ৫ শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই এই সন্মিলন ভৱিষ্যত অসমৰ অৰ্থনৈতিক উন্নয়নৰ মাইলৰ খুঁটি হ’ব বুলি আশা প্রকাশ কৰিছে।

 

অধিক পঢ়ক

সকলো চাওক