অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত সদ্যসমাপ্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১০ মে’ত ৰাজ্যৰ ৩৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিব বুলি ঘোষণা কৰে। এই পৰীক্ষাত প্ৰতিটো পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থী বাছনি কৰাৰ পিছতে মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব। অহা মে’ মাহত চৰকাৰৰ চতুৰ্থ বর্ষপুর্তি উপলক্ষে এই পদক্ষেপ গ্ৰহণ কৰি পুনৰ ১৫ হাজাৰ নতুন পদৰ বিজ্ঞাপন প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ কেন্দ্ৰসমূহত আৰক্ষী তথা নিৰীক্ষকসকলে ত্রুটি অবিহনে দায়িত্ব পালন কৰাৰ কথা উল্লেখ কৰে। আনহাতে, এইবাৰৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে নিগেটিভ নম্বৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক