ডাউনলোড
মোবাইল এপ

android apple
signal

September 26, 2024 9:38 PM | adre preperation

printer

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনৰ প্রস্তুতি

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত অহা ২৯ ছেপ্তেম্বৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে বিভিন্ন জিলা প্রশাসনে প্রস্তুতি চলাইছে। চৰাইদেউ জিলাত এই পৰীক্ষা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া, সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া, জিলা আয়ুক্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দ্বাৰা নিয়োজিত পর্যবেক্ষণ বিষয়াসকলৰ এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা আয়ুক্তগৰাকীয়ে পৰীক্ষা পৰিচালনাৰ বাবে নিয়োজিত বিষয়াসকলক নিজ নিজ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিবলৈ পৰামৰ্শ দিয়ে। পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহব বুলি আয়ুক্তগৰাকীয়ে এনে ক্ষেত্ৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। তামুলপুৰ জিলাতো পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ প্ৰতি পৰীক্ষা নিয়োজিত সকলো ব্যক্তিকে দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। আনহাতে পৰীক্ষাৰ দিনা যিসমূহ নিষেধাজ্ঞা আৰোপ কৰা হৈছে সেইবোৰ সঠিকভাৱে পালন কৰাৰ ওপৰতো আয়ুক্তগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ৷ কোকৰাঝাৰ জিলাতো পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলোকে নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক