অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি প্ৰাৰ্থীসকলে ৮ অক্টোবৰৰ পৰা ২২ অক্টোবৰ পৰ্যন্ত তেওঁলোকৰ অ’ এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয়েল এনচাৰ কী ৯ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা উপলব্ধ হ’ব। প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচাৰিলে ৯ অক্টোবৰৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত আবেদন জনাব পাৰিব।
Site Admin | October 7, 2024 9:13 PM | adre OMR sheet download