অসম প্রত্যক্ষ নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকা ৰূপত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ বিপৰীতে একাংশ লোকে ভিত্তিহীনভাৱে এই পৰীক্ষাত ত্রুটি উলিয়াবলৈ ব্যস্ত হৈ থকা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে উৎসর্গিকৃত মনোভাৱেৰে এই কাম সম্পন্ন কৰাৰ বিপৰীতে একাংশ সংবাদ মাধ্যম আৰু বিভিন্ন পক্ষই এই পৰীক্ষাক ত্রুটিপূর্ণ বুলি প্ৰমাণ কৰিবলৈ বৃথা চেষ্টা কৰি আহিছে। ইয়াৰ ফলত যুৱক-যুৱতীসকলৰহে ক্ষতি হ’ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, পৰীক্ষাৰ পাছত প্ৰশ্নকাকতখন কোনোবাই কোনো মাধ্যমত প্ৰকাশ কৰিলেও তাৰ কোনো মূল্য নাথাকে। এই পৰীক্ষা সম্পূৰ্ণ নিকা আৰু ত্রুটিমুক্তভাৱে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্য চৰকাৰৰ পৰৱৰ্তী পৰীক্ষাসমূহৰ প্ৰশ্নকাকত প্ৰাৰ্থীয়ে লগত লৈ যাব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিব বুলি উল্লেখ কৰে।
Site Admin | September 18, 2024 12:12 PM | adre cm himanta biswa sarma