October 25, 2024 7:36 PM | ADRE

printer

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ ৫,০২৩ টা খালী পদৰ বাবে পৰহিলৈ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা

ৰাজ্যৰ ২৮ খন জিলাত ৪২ টা বিভাগৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ পাঁচ হাজাৰ ২৩ টা খালী পদৰ বাবে এই পৰীক্ষা পৰহিলৈ অনুষ্ঠিত হ’ব। পুৱা ৯ বজাৰ পৰা দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে আৰু ডেৰ বজাৰ পৰা অষ্টম শ্রেণী উত্তীর্ণ প্রার্থীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে দুয়োবেলাৰ পৰীক্ষাত ১৩ লাখ ৭৯ হাজাৰ ১৩২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। নিযুক্তি আয়োগৰ অধ্যক্ষ তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এই প্রত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলখনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ লগতে আয়ুক্ত সচিব তথা নিযুক্তি আয়োগৰ সদস্য জয়ন্ত নালিকাৰকে ধৰি অন্যান্য বিষয়াসকলো উপস্থিত থাকে । পৰীক্ষাৰ্থীসকলক আগতীয়াকৈ গৈ পৰীক্ষা কেন্দ্ৰসমূহ চাই অহাৰ লগতে মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে অংগনবাড়ী কৰ্মীৰ নিয়োগ কৰা হ’ব বুলি নিযুক্তি আয়োগে জানিবলৈ দিয়ে। পৰীক্ষাৰ্থীসকলক কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ তেওঁলোকক সোনকালে প্ৰৱেশ পত্ৰসমূহ সংগ্ৰহ কৰি আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত হৈ থাকিবলৈ আহ্বান আয়োগে জনায়।

অধিক পঢ়ক

সকলো চাওক