October 25, 2024 6:37 PM | ADRE

printer

অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয় প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা সন্দৰ্ভত সংবাদমেল

অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয় চতুৰ্থবৰ্গৰ পৰীক্ষা সন্দৰ্ভত আজি চতুৰ্থবৰ্গৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এখন সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলখনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ লগতে আয়ক্ত সচিব তথা নিযুক্তি আয়োগৰ সদস্য জয়ন্ত নালিকাৰকে ধৰি অন্যান্য বিষয়াসকলো উপস্থিত থাকে। উল্লেখযোগ্য যে ২৮ খন জিলাত ৪২টা বিভাগৰ বাবে মুঠ পাঁচ হাজাৰ ২৩টা খালী পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ’ব। পুৱা ৯ বজাৰ পৰা দশম শ্রেণী উত্তীৰ্ণৰ বাবে প্ৰথম বেলাৰ পৰীক্ষাৰ বিপৰীতে ডেৰ বজাৰ পৰা অষ্টম শ্রেণী উত্তীৰ্ণৰ বাবে দ্বিতীয় বেলাৰ পৰীক্ষা অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে দুয়োবেলাৰ পৰীক্ষাত ১৩ লাখ ৭৯ হাজাৰ ১৩২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। পৰীক্ষাৰ্থীসকলক আগতীয়াকৈ গৈ পৰীক্ষা কেন্দ্ৰসমূহ চাই অহাৰ লগতে মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে অংগনবাড়ী কৰ্মীৰ নিয়োগ কৰা হ’ব বুলি নিযুক্তি আয়োগে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক