October 24, 2024 1:16 PM | ADRE

printer

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি অব্যাহত

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি অব্যাহত আছে। জিলাসমূহৰ আয়ুক্ত, আৰক্ষীৰ শীৰ্ষ বিষয়া আদিয়ে কেইবালানি বৈঠক অনুষ্ঠিত কৰি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে।  সমাগত নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত কালি শিৱসাগৰ জিলা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। শিৱসাগৰ জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত পৰীক্ষা সমিতিৰ বিষয়ববীয়া, ৭২টা পৰীক্ষা কেন্দ্ৰৰ দায়িত্ববাহী বিষয়া তথা জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত থাকে। বৈঠকখনত ২৭ অক্টোবৰত অনুষ্ঠিত হবলগীয়া নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত বিস্তাৰিতৰূপত আলোচনা কৰা হয়। ৰাজ্য চৰকাৰে সালসলনি কৰা পৰীক্ষাৰ নিয়মসমূহৰ সন্দৰ্ভত সংশ্লিষ্ট সকলোকে অৱগত কৰাৰ লগতে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়তো বৈঠকত আলোচনা কৰা হয়। ইফালে, চৰাইদেউ জিলাতো প্রশাসনে যাৱতীয় প্রস্তুতিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ লগত জড়িত বিষয়াসকল আৰু পৰ্যবেক্ষণ বিষয়াসকলৰ এটা বিস্তৃত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত জিলাখনত দেওবৰীয়া বজাৰসমূহ বন্ধ ঘোষণা কৰে। সংকীর্ণ বাট-পথত যান-জঁট তথা জনসমাগম নিয়ন্ত্রণ কৰিবলৈ যান বাহন আৰক্ষীক আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। একেদৰে বাক্সা জিলাতো প্ৰশাসনে প্রত্যক্ষ নিযুক্তি পৰীক্ষা পৰিচালনাৰ বাবে কিছুমান নিষেধাজ্ঞামূলক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশ অনুযায়ী পৰীক্ষাকেন্দ্ৰৰ পৰা ১০০ মিটাৰ পৰিধিত কেৱল পৰীক্ষাৰ্থী আৰু অনুমোদিত পৰিচালনা কৰ্মীহে উপস্থিত থাকিব বুলি কোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক