September 13, 2024 12:45 PM | assam adre 2024

printer

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনৰ প্রস্তুতি সম্পূর্ণ

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ সকলো জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। এই পৰীক্ষাৰ বাবে যোৰহাট জিলাত মুঠ ১৩৩টা পৰীক্ষা কেন্দ্ৰত ৫৫ হাজাৰ ৫০৯ গৰাকী পৰিক্ষাৰ্থী অৱতীৰ্ণ হব। ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহত নিৰাপত্তাৰ বাবে চাৰিবেৰ আৰু পৰিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কোঠাসমূহ সাজু কৰি তোলাৰ লগতে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তদাৰকী বিষয়াসকলক প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে নিৰীক্ষকসকলক প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হব। পৰীক্ষাৰ সময়ছোৱাত প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাবে দুগৰাকীকৈ স্বাস্থ্য কর্মী নিয়োগ কৰাৰ লগতে স্বাস্থ্য বিভাগক সক্ৰিয় হৈ থাকিবলৈ জিলা প্রশাসনে নিৰ্দেশ দিছে। আনহাতে, ডিব্ৰুগড় জিলাত অহা ১৫ আৰু ২৯ ছেপ্তেম্বৰৰ লগতে ২৭ অক্টোবৰত ৬৯টা পৰীক্ষা কেন্দ্ৰত হবলগীয়া প্রত্যক্ষ নিযুক্তি পৰীক্ষা শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে যাতে অনুষ্ঠিত হয়, তাৰবাবে জিলা দণ্ডাধীশে অহা ১৫ আৰু ২৯ ছেপ্তেম্বৰৰ উপৰিও ২৭ অক্টোবৰত জিলাখনৰ আটাইকেইটা কেন্দ্ৰত প্ৰযোজ্য হোৱাকৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

অধিক পঢ়ক

সকলো চাওক