উত্তৰাখণ্ডত নিজৰ প্ৰথমখন নির্বাচনী সভাত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

♦ প্রধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থাৰূপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ প্ৰকাশ কৰিছে। নাইনিতাল উধমসিং নগৰ সংসদীয় সমষ্টিৰ ৰুদ্ৰপুৰত উত্তৰাখণ্ডত নিজৰ প্ৰথমখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে আজি এই সংকল্পৰ কথা দোহাৰে।

Read More News :

শ্ৰীমোদীয়ে ভাষণ প্ৰসংগত ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰে। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছ দলক তেওঁ তীব্র সমালোচনা কৰে। শ্ৰীমোদীয়ে কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি অৱহেলা কৰা বুলি অভিযোগ কৰে। তেওঁ কয় যে, যদিহে বিজেপি পুনৰ ক্ষমতালৈ আহে তেন্তে দলটোৱে দুৰ্নীতি বিৰোধী প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিব।

https://youtu.be/Orr3bE1Y_oU

বিজেপি প্রার্থী তথা কেন্দ্রীয় ৰাজ্যমন্ত্ৰী অজয় ভাটে এই আসনৰ পৰা নিৰ্বাচনী যুজত অৱতীৰ্ণ হৈছে। তেওঁৰ বিৰুদ্ধে কংগ্ৰেছে প্রকাশ যোশীক প্রার্থীত্ব প্ৰদান কৰিছে। ৰাজ্যখনৰ ৫ টা সংসদীয় সমষ্টিৰ আটাইকেইটাৰ বাবে প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ’ব। এইবাৰৰ নিৰ্বাচনত ৰাজ্যখনৰ ৮৩ লাখ ৩৭ হাজাৰ ৯১৪ গৰাকী ভোটাৰে ৫৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব।

অধিক পঢ়ক

সকলো চাওক