যোৱা বছৰৰ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত আজি শিয়ালদহৰ এখন আদালতে অভিযুক্ত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। শিয়ালদহৰ আদালতৰ বিচাৰক অনির্বাণ দাসে অৱশ্যে এই অপৰাধক অতিশয় বিৰল বুলি গণ্য কৰিব নোৱাৰি বুলি ৰায় দিয়ে আৰু অভিযুক্ত ৰয়ক আমৃত্যু কাৰাবাসৰ নিৰ্দেশ দিয়ে। ভাৰতীয় ন্যায় সংহিতাৰ ৬৪, ৬৬ আৰু ১০৩–এক্ট ধাৰাৰ অধীনত শনিবাৰে সঞ্জয় ৰয়ক আদালতে দোষী সাব্যস্ত কৰিছিল যদিও ৰায়দান আজিলৈ স্থগিত ৰাখিছিল। উল্লেখযোগ্য যে, দেশ কঁপোৱা এই যুৱতী চিকিৎসকগৰাকী যোৱা বছৰৰ ৯ আগষ্টৰ দিনা কৰ্তব্যৰত অৱস্থাত ধৰ্ষণৰ বলি হৈছিল আৰু তেওঁৰ মৃতদেহ চিকিৎসালয়খনৰ ছেমিনাৰ কক্ষত উদ্ধাৰ হৈছিল। ১০ আগষ্টত কলকাতা আৰক্ষীয়ে সেই হাস্পতালৰে স্বেচ্ছাসেৱক অভিযুক্ত সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তীকালত মুখ্যমন্ত্রী মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে এই ঘটনাৰ প্ৰতিবাদ তীব্ৰতৰ হৈ উঠে আৰু কনিষ্ঠ চিকিৎসকসকলেও দীৰ্ঘদিন ধৰি অৱস্থান ধৰ্মঘট পালন কৰে। পশ্চিমবংগৰ চৰকাৰে এই ঘটনাৰ তদন্তৰ ভাৰ কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ৰ ওপৰত ন্যস্ত কৰে। চিবিআয়ে যোৱা ৯ নৱেম্বৰত অভিযুক্ত সঞ্জয় ৰয়ৰ বিৰুদ্ধে শিয়ালদহৰ আদালতত অভিযোগনামা দাখিল কৰে। ১১ নৱেম্বৰৰ পৰা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ১৮ জানুৱাৰীত অভিযুক্ত সঞ্জয় ৰয়ক আদালতে দোষী সাব্যস্ত কৰে।
Site Admin | January 20, 2025 8:02 PM | Accused Sanjay Roy sentenced to life imprisonment in RG Kar rape & murder case