সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুঁটা আজি শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত স্থাপন কৰা হয়। গায়ন-বায়ন, বিহু, সর্বধর্ম প্রার্থনা, মহিলাৰ দিহানামৰ মাজেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই লাইখুঁটা স্থাপন কৰে। উল্লেখযোগ্য যে অহা ২৭ আৰু ২৮ জানুৱাৰীত সংগঠনটোৰ দ্বিতীয় সর্ববৃহৎ সাংগঠনিক সাধাৰণ সভাখন অনুষ্ঠিত হ’ব।
Site Admin | December 9, 2024 7:34 PM | aasu sivsagar meeting
সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুঁটা স্থাপন
