ডাউনলোড
মোবাইল এপ

android apple
signal

বিশিষ্ট সাহিত্যিক আৰু প্রকাশকক প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৪ প্ৰদানৰ ব্যৱস্থা, প্ৰ-পত্ৰ আহ্বান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰে এইবছৰো বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে পুৰস্কৃত কৰা হ’ব। এই বঁটাত গ্ৰন্থৰ লেখকক ৫ লাখ টকাৰ সৈতে মানপত্ৰ আৰু প্ৰকাশকক ৩ লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্রকাশকৰ যিকোনো এগৰাকীয়ে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব। প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ চাৰিটা কপি অহা ১৫ নৱেম্বৰৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। প্ৰ-পত্ৰসমূহ assampublicationboard@gmail.com-ৰ জৰিয়তে প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্ৰেৰণ কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক