ভাৰতৰ আৰতীয়ে পেৰুৰ লিমাত অনুষ্ঠিত ২০ বছৰৰ অনূৰ্ধ্ৱৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ ১০ হাজাৰ মিটাৰ বেগাই খোজকাঢ়া প্রতিযোগিতাত ২০ বছৰ অনূৰ্ধ্ৱৰ ৰাষ্ট্ৰীয় অভিলেখৰ সময়ৰে ব্ৰঞ্জৰ পদক অর্জন কৰিছে। আৰতীয়ে কালি ৪৪ মিনিট আৰু ৩৯ দশমিক ৩-৯ ছেকেণ্ডত দূৰত্ব অতিক্ৰম কৰি প্ৰতিযোগিতাত দেশৰ হকে প্রথমটো পদক অর্জন কৰে। ১৭ বছৰীয়া আৰতীয়ে লক্ষ্ণৌত যোৱা মাৰ্চত অনুষ্ঠিত ২০ বছৰ অনূৰ্ধ্ৱৰ নেচনেল ফেডাৰেচন কাপৰ সময়ত গঢ়া ৪৭ মিনিট আৰু ২১ দশমিক ০-৪ ছেকেণ্ডৰ অভিলেখ ভংগ কৰে। চীনৰ ঝুঅ’মা বেইমা আৰু মেইলিং চেনে এই শিতানত ক্রমে সোণ আৰু ৰূপৰ পদক লাভ কৰে।