আম আদমী পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশীলৈ নির্বাচন আয়োগৰ জাননী

নির্বাচন আয়োগে আজি আম আদমী পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশীলৈ জাননী জাৰি কৰিছে। নিজৰ ৰাজনৈতিক ভৱিষ্যৎ ৰক্ষা কৰাৰ উদ্দেশ্যে বিজেপিত যোগদান কৰিবলৈ আতিশীক কোৱা হৈছিল বুলি তেওঁ অনা অভিযোগ সন্দৰ্ভত এই জাননী জাৰি কৰা হৈছে। এই জাননীৰ জৰিয়তে সোমবাৰৰ বিয়লিৰ পূৰ্বে প্ৰত্যুত্তৰ দিবলৈ তেওঁক কোৱা হৈছে। নেতাসকলে ৰাজহুৱা মঞ্চৰ জৰিয়তে প্ৰকাশ কৰা কথাসমূহ জনসাধাৰণে বিশ্বাস কৰে বুলি জাননীখনত উল্লেখ কৰি আয়োগে কয় যে, ই দৃষ্টিভংগীৰ পৰা এনেধৰণৰ বিবৃতিয়ে প্ৰচাৰ অভিযানত প্ৰভাৱ পেলাব পাৰে।নেত্ৰীগৰাকীৰ বক্তব্যৰ বাস্তৱভিত্তি থাকিব লাগিব বুলি উল্লেখ কৰি আয়োগে কয় যে প্ৰয়োজনত নেত্ৰীগৰাকীয়ে নিজৰ বক্তব্যৰ সত্যতা প্রতিপন্ন কৰিব লাগিব। ইয়াৰ পূর্বে বিজেপিয়ে এই সন্দৰ্ভত আতিশীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল৷

অধিক পঢ়ক

সকলো চাওক