অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছেঃ আপ

আম আদমী পাৰ্টীয়ে আজি কৈছে যে, অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছে। আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কৈছে যে, যদিও তেওঁলোকৰ দলৰ বহুকেইজন নেতা কাৰাবন্দী হৈ আছে তথাপি দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে তীব্ৰভাৱে প্ৰচাৰ অভিযান চলাইছে। গোপাল ৰায়ে কৈছে যে, দিল্লী চৰকাৰৰ নীতিসমূহে মহিলা, বয়োজ্যেষ্ঠ, ব্যৱসায়ী আৰু শ্রমিক শ্ৰেণীৰ লোকসকলৰ লগতে দিল্লীৰ সমূহ স্তৰৰ নাগৰিকৰ প্ৰতি সুবিধা আগবঢ়াইছে। আপ, বিজেপি আৰু কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনত প্ৰচাৰ অভিযান চলাই আহিছে। ৰাজস্থানৰ মন্ত্ৰী ৰাজ্যবর্ধন সিং ৰাথোৰে পূব দিল্লী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰ্ষ মালহোত্রা, কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীয়ে দক্ষিণ দিল্লীৰ সমষ্টিত দলৰ প্ৰাৰ্থী ৰামভিৰ সিং বিধুৰীৰ হৈ ৰাজহুৱা সভাত অংশগ্রহণ কৰিব। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্রী মনোহৰ লাল খাত্তাৰে উত্তৰ দিল্লী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মনোজ তিৱাৰীৰ সমৰ্থনত আজি সন্ধিয়া ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। কংগ্ৰেছ প্রার্থী উদিত ৰাজে উত্তৰ-পশ্চিম দিল্লী লোকসভা সমষ্টিৰ বাবে বিভিন্ন প্ৰান্তত নাগৰিকৰ সৈতে মত বিনিময় কৰিব। কংগ্ৰেছৰ আন দুগৰাকী প্ৰাৰ্থী জে পি আগৰৱাল আৰু কানহায়া কুমাৰে আজি নিজ নিজ সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযান চলাব। মুঠ ৭খন আসনৰ ৪খন আসনৰ বাবে আপে আৰু তখন আসনৰ বাবে কংগ্ৰেছে মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান কৰিছে। দিল্লীত ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ অহা ২৫ মে’ত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক