ডাউনলোড
মোবাইল এপ

android apple
signal

December 31, 2024 1:04 PM | AAP

printer

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীক অস্থায়ী মুখ্যমন্ত্রী বুলি কৰা মন্তব্যক সমালোচনা বিনয় কুমাৰ চাক্সেনাৰ

দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীক অস্থায়ী মুখ্যমন্ত্রী বুলি কৰা মন্তব্যক সমালোচনা কৰিছে। উপ- ৰাজ্যপালগৰাকীয়ে শ্ৰীকেজৰিৱালৰ এই মন্তব্যক আপত্তিজনক বুলি অভিহিত কৰিছে। শ্ৰীচাক্সেনাই শ্ৰীমতী আতিশীলৈ লিখা এখন পত্ৰ এইবুলি কৈছে যে অৰবিন্দ কেজৰিৱালে সংবাদমাধ্যমৰ আগত শ্ৰীমতী আতিশীক অস্থায়ী মুখ্যমন্ত্রী বুলি ৰাজহুৱভাবে কৰা মন্তব্য অত্যন্ত অপমানজনক। উপ-ৰাজ্যপালগৰাকীয়ে অৰবিন্দ কেজৰিৱালে ঘোষণা কৰা মহিলা সন্মান যোজনাৰ বিষয়ে উল্লেখ কৰি কয়, যে মুখ্যমন্ত্ৰীৰ উপস্থিতিত কৰা এনে ঘোষণাই মুখ্যমন্ত্ৰীৰ পদৰ মৰ্যাদা কলংকিত কৰিছে। অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে এই পত্ৰখনৰ প্ৰতি সঁহাৰি জনাই ইয়াক সম্পূৰ্ণ ৰাজনৈতিক বুলি মন্তব্য কৰে। তেওঁ কয়, যে অৰবিন্দ কেজৰিৱালৰ পথ অনুসৰি কৰিয়েই তেওঁ চৰকাৰখন চলাই নিছে।

অধিক পঢ়ক

সকলো চাওক