ডাউনলোড
মোবাইল এপ

android apple
signal

December 26, 2024 8:36 PM | AAP

printer

বিজেপিৰ সৈতে গোপন বুজাবুজি কৰা বুলি কংগ্ৰেছক অভিযোগ আম আদমী পার্টীৰ

অহা বছৰৰ আগভাগত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ মাজত বোকা ছটিওৱাৰ খেল আৰম্ভ হৈছে। দিল্লীৰ শাসনাধিস্থিত আম আদমী পার্টীয়ে কংগ্ৰেছ দলে তেওঁলোকৰ দলক পৰাজিত কৰাৰ বাবে বিজেপিৰ সৈতে গোপন বুজাবুজি কৰিছে বুলি অভিযোগ কৰিছে। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত আম আদমী পাৰ্টীৰ লোকসভাৰ সাংসদ সঞ্জয় সিঙে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অজয় মাকেনে আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দেশদ্রোহী বুলি অভিহিত কৰা কেতবোৰ মন্তব্যৰ বিৰোধিতা কৰি এই প্ৰতিঅভিযোগ উত্থাপন কৰে। ভিত্তিহীন আৰু কল্পনাপ্রসূত মন্তব্য কৰা অজয় মাকেনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে ইণ্ডি মৰ্চাৰ পৰা কংগ্ৰেছক বহিস্কাৰ কৰিবলৈ মৰ্চাৰ অংশীদাৰ দলসমূহৰ প্ৰতি সঞ্জয় সিঙে আহ্বান জনায়। দিল্লীৰ মুখ্যমন্ত্রী আতিশীয়েও আজি কংগ্ৰেছ দলৰ নেতাৰ এনে মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে।

ইপিনে, কংগ্ৰেছ দলে আম আদমী পাৰ্টীৰ অভিযোগ প্রত্যাখান কৰিছে আৰু তেওঁলোকেহে মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলি অভিযোগ কৰিছে। দলৰ জ্যেষ্ঠ নেতা সন্দীপ দীক্ষিতে কয়, যে আম আদমী পাৰ্টীয়ে পূর্বেও বিভিন্ন দলৰ নেতাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ নজিৰ আছে। সমাগত বিধানসভা নিৰ্বাচনত দিল্লীবাসীয়ে আম আদমী পাৰ্টীক প্রত্যাখান কৰিব বুলি নেতাগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক