ভোটগণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছেঃ অনুৰাগ গোৱেল

অহা ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ ৫০ খন জিলাৰ নিৰ্বাচনী জিলাত স্থাপিত ৫২টা ভোটগ্রহণ কেন্দ্ৰত ভোটগণনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ভোটগণনাৰ বাবে কোঠাসমূহ সাজু কৰি তোলা হৈছে। সমান্তৰালভাৱে গণনাৰ দায়িত্বত থাকিবলগীয়া সকলোৰে প্ৰশিক্ষণ অব্যাহত আছে। বৰপেটা জিলা নির্বাচনী বিষয়াই জনোৱা অনুসৰি মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত দুটা বিধানসভা সমষ্টি ক্রমে-বৰপেটা আৰু পাকাবেতবাৰীৰ উপৰি বৰপেটা নিৰ্বাচনী জিলাৰ অন্তৰ্ভুক্ত হোৱা হেতু ধুবুৰী লোকসভা সমষ্টিৰ চেঙা আৰু মন্দিয়াৰো ভোটগণনা অনুষ্ঠিত হ’ব। তদুপৰি বৰপেটা লোকসভা সমষ্টিৰ প’ষ্টেল ভোটৰ গণনাও ইয়াতে সম্পন্ন হ’ব। ইপিনে ৪ জুনৰ পুৱা ৮ বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ৰ মুঠ ১৪ খন মেজত ১৬টা দফাত গণনা কাৰ্য সম্পন্ন হ’ব।

Read More : 

চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা দুয়োটা সমষ্টিৰ ভোটগণনা সোণাৰি মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। সোণাৰি সমষ্টিত ১৩টা আৰু মাহমৰা সমষ্টিত ১২টা বাউণ্ডত ভোটগণনা সম্পন্ন হ’ব। লোকসভা নিৰ্বাচনৰ ভোটগণনাক কেন্দ্ৰ কৰি ওদালগুৰি জিলা প্ৰশাসনো সাজু হৈ উঠিছে। তিনিতৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ওদালগুৰিৰ আয়ুক্তৰ কাৰ্যালয়ত এইবেলি জিলাখনৰ ৪টা সমষ্টিত ওদালগুৰি, মাজবাট, টংলা আৰু ভেৰগাঁৱৰ ভোটগণনা অনুষ্ঠিত হ’ব। একেদৰে মঙলদৈ মহাবিদ্যালয়ত দৰঙৰ তিনিটা সমষ্টি ক্রমে- মঙলদৈ, ছিপাঝাৰ আৰু দলগাঁৱৰ ভোটগণনা অনুষ্ঠিত হ’ব। ইফালে ৰঙিয়া মহকুমাৰ কাৰ্যালয়ত কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিৰ ভোটগণনা কৰা হ’ব। মুঠ ১১টা সমষ্টিৰ পোষ্টেল ভোটসমূহ ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত গণনা কৰা হ’ব।
ভোটগণনাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনেও যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখন ৪টা বিধানসভা সমষ্টিৰ ভোটগণনা গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত হোৱা বহুমুখী প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব বুলি প্ৰশাসনে প্ৰকাশ কৰিছে। কৰিমগঞ্জ জিলাতো এই উপলক্ষে গণনা পর্যবেক্ষক আজি জিলাখনত উপস্থিত হৈছে। শান্তিপূর্ণভাৱে ভোটগণনা সম্পন্ন কৰাৰ বাবে কোকৰাঝাৰ জিলা প্রশাসনেও যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে। আনহাতে গোলাঘাট জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি ১০ নম্বৰ কাজিৰঙা সমষ্টিৰ ভোটগণনা প্রক্রিয়া সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। এই সভাত আয়ুক্তগৰাকীয়ে ভোটগণনা চলি থকাৰ সময়ত পালন কৰিবলগীয়া আচৰণবিধিসমূহৰ বিষয়ে উল্লেখ কৰি দায়িত্বত থকা লোকসকলক এইসমূহ নিয়াৰিকৈ পালন কৰিবলৈ আহ্বান জনায়।
ইফালে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে ভোটগণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা বুলি প্ৰকাশ কৰিছে। আনহাতে ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নির্বাচনী আয়োগে ৬৪ গৰাকী সাধাৰণ পৰ্যবেক্ষক নিযুক্তি দিয়া বুলিও তেওঁ উল্লেখ কৰে। অহা ৪ জুনত হ’বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসনসমূহে ড্রাই ডে ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্রী, মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক