বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ আৰু ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মাউৰ ভিয়েইৰাই আজি নতুন দিল্লীত উভয় দেশৰ যুটীয়া আয়োগৰ নৱম বৈঠকত সহ-অধ্যক্ষতা কৰিব। চাৰিদিনীয়া চৰকাৰী ভাৰত ভ্ৰমণসূচীৰে ব্রাজিলৰ বিদেশ মন্ত্ৰীগৰাকী যোৱা শনিবাৰে নতুন দিল্লীত উপস্থিত হয়। বিদেশ মন্ত্ৰালয়ে প্রকাশ কৰা অনুসৰি শ্ৰী ভিয়েইৰাৰ ভ্ৰমণে ভাৰত আৰু ব্ৰাজিলৰ মাজৰ কৌশলগত সহযোগিতাক অধিক গতি প্রদান কৰিব। মন্ত্ৰ্যালয়ে কৈছে যে, ট্রয়কাৰ অংশ হিচাপে দেশ দুখনে বিগত বৰ্ষত ভাৰতৰ জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগবঢ়াই লৈ যোৱাৰ বিষয়ে আলোচনা কৰিব। চলিত বৰ্ষৰ নৱেম্বৰলৈ ব্ৰাজিলে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছে। এই সময়ছোৱাত ভাৰত, ব্রাজিল আৰু দক্ষিণ আফ্ৰিকাৰে জি-২০ ট্রয়কা গঠিত হ’ব। অহা ১৮ আৰু ১৯ নৱেম্বৰত ৰিঅ’ ডি জেনেৰিঅ’ত ব্রাজিলে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ নেতৃবৃন্দৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰত আৰু ব্ৰাজিলকে ধৰি মুঠ ১৯ খন দেশেৰে জি-২০ গঠিত হৈছে। ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুপাক্ষিক সম্পর্ক বিৰাজমান বুলি বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে কয় যে, অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে ২০০৬ চনত আৰম্ভ হোৱা ভাৰত আৰু ব্ৰাজিলৰ কৌশলগত সহযোগিতাক অধিক শক্তিশালী কৰি তুলিব আৰু বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু বহুপাক্ষিক খণ্ডত সহযোগিতাৰ নতুন পথৰ অন্বেষণৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বিদেশ মন্ত্ৰ্যালয়ৰ অৰ্থনৈতিক সম্পৰ্কৰ সচিব ডাম্মু ৰবিয়ে ৰিঅ’ ডি জেনেৰিঅ’ত যোৱা মাহত অনুষ্ঠিত জি-২০ উন্নয়ন মন্ত্ৰীসকলৰ বৈঠকত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিছিল। বৈঠকৰ সময়ত সচিব গৰাকীয়ে স্বচ্ছ ভাৰত অভিযান আৰু জলজীৱন মিছনৰ লেখীয়া ভাৰতৰ ধ্বজাবাহী কাৰ্যসূচীৰ বিষয়ে প্ৰকাশ কৰিছিল ।
Site Admin | August 27, 2024 11:20 AM