ডাউনলোড
মোবাইল এপ

android apple
signal

পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত সংঘটিত ৰে’ল দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু, ৪১জন লোক আহত

পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত আজি পুৱা সংঘটিত ৰে’ল দুৰ্ঘটনাত দুগৰাকী ৰে’ল কৰ্মচাৰীসহ ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪১জন লোক আহত হয়। নিউ জলপাইগুৰিৰ ৰে’ল ষ্টেচনৰ সমীপত শিয়ালদহলৈ গৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ৰে’ল বিভাগৰ সূত্ৰই জনোৱা অনুসৰি মালবাহী ৰে’লখন ছিগনেল পোৱাৰ আগেয়ে ৰাওনা হয় আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ পাছফালে খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা বিভাগৰ দলে যাত্ৰীসকলক উদ্ধাৰ কৰে। যাত্ৰীসকলক খাদ্য আৰু পানী যোগান ধৰি থকা হৈছে। দুৰ্ঘটনাটোত ৰে’লখনৰ ক্ষতিগ্ৰস্ত নোহোৱা দবাসমূহ মালদালৈ ৰাওনা হৈছে। জলপাইগুৰি অভিমুখী ৰে’লপথো মুকলি কৰা হৈছে বুলি ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। দুর্ঘটনা সম্পৰ্কীয় তথ্যৰ বাবে ৰে’ল বিভাগে বিভিন্ন স্থানত হেল্প ডেস্ক স্থাপন কৰিছে। শিয়ালদহ ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ হৈছে-০৩৩-২৩৫০৪৭৯৪, ০০৩-২৩৪৩৩৩২৬। আলোৱাবাৰী ৰোড জৰুৰীকালীন নম্বৰ ৮১৭০০-৩৪২৩৫, কিষাণগঞ্জৰ ৭৫৪২০-২৮০২০, ডালখোলাৰ ৮১৭০০-৩৪২২৮, বাৰছ’ইৰ – ৭৫৪১৮-০৬৩৫৮, ছামছিৰ জৰুৰীকালীন নম্বৰ হৈছে- ০৩৫১৩-২৬৫৬৯০।

অধিক পঢ়ক

সকলো চাওক