ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰাখণ্ডত ভাৰত-কাজাখস্তানৰ অষ্টম যুটীয়া সামৰিক অনুশীলন KAZIND-2024

উত্তৰাখণ্ডত আজি ভাৰত আৰু কাজাখস্তানৰ অষ্টম যুটীয়া সামৰিক অনুশীলন KAZIND-2024 অনুষ্ঠিত হৈছে। ভাৰতীয় সেনা বাহিনীৰ কুমাও ৰেজিমেণ্টৰ ১২০ গৰাকী বিষয়া-জোৱানে এই অনুশীলনত অংশগ্ৰহণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদী কাৰ্য্য-কলাপ প্রতিহত কৰাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে এই যুটীয়া অনুশীলন অনুষ্ঠিত কৰা হৈছে। মন্ত্ৰ্যালয়ে কৈছে যে, পাহাৰীয়া আৰু চহৰ অঞ্চলত অভিযান চলোৱাৰ সন্দৰ্ভতো ইয়াত অনুশীলন কৰা হ’ব । এই যুটীয়া অনুশীলনত দুয়ো পক্ষই বিভিন্ন কৌশল, প্রযুক্তি আৰু প্ৰক্ৰিয়া আদিৰ উপযুক্ত পদ্ধতিসমূহ আদান-প্রদান কৰিব ।

অধিক পঢ়ক

সকলো চাওক