সপ্তম পৰ্যায়ৰ লোকসভা নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তুংগত

Imageলোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত দেশত নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তুংগত উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ আপ্রাণ প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে আৰু উত্তৰ প্ৰদেশৰ কুশীনগৰ, ৰবাৰ্টছগঞ্জ আৰু চান্দৌলী লোকসভা সমষ্টিত নির্বাচনী প্ৰচাৰ চলাব। একেদৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কুশীনগৰ আৰু ছোনভদ্ৰা সমষ্টিত ৰোড শ্বত ভাগ ল’ব। ইপিনে, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে আজি মহাৰাজগঞ্জ আৰু ঘোছি সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ইপিনে, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ঝাৰখণ্ডৰ ডুমকাত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। ৰাজ্যখনৰ বিজেপিৰ মুৰব্বী বাবুলাল মুৰাণ্ডিয়ে গোদ্দা আৰু চাহিবগঞ্জত, আৰু মুখ্যমন্ত্ৰী চম্পাই চোৰেণে গোদ্দা, ডুমকা আৰু চাহিবগঞ্জত নিৰ্বাচনী সভাত ভাগ ল’ব।

Image
উত্তৰ প্ৰদেশতো নির্বাচন হ’বলগীয়া সমষ্টিসমূহত জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কালি ৰাজ্যখনত ৪খন নিৰ্বাচনী প্ৰচাৰ সভা আৰু এটা ৰোড শ্ব’ত অংশগ্রহণ কৰে। মহাৰাজগঞ্জত প্ৰথমখন সভাত ভাগ লৈ শ্রীশ্বাহে কয় যে বিজেপিয়ে ইতিমধ্যে হৈ যোৱা নিৰ্বাচনৰ প্ৰথম পাঁচটা পর্যায়তে ৩০০ খনতকৈ অধিক আসন লাভ কৰিব আৰু ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত এই সংখ্যা চাৰিশৰো অধিক হোৱাৰ সম্ভাৱনা আছে। দেওৰীয়াত আন এখন সভাত ভাগ লৈ তেওঁ পাক অধিকৃত কাশ্মীৰ ভাৰতৰো অবিচ্ছেদ্য অংগ বুলি মন্তব্য কৰে। তেওঁ কয় যে কেন্দ্ৰত মোডী চৰকাৰ থকা বাবেই সাম্প্ৰতিক সময়ত কোনো সন্ত্রাসবাদীয়ে দেশত কোনো ধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্য কৰিবলৈ সাহস নকৰে। তেওঁ বাল্লিয়া আৰু ছনভদ্ৰাতো নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিয়লিৰ ভাগলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘাজিপুৰত এটা ৰোড শ্ব’ত ভাগ লয়।

Image
ইপিনে, জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি কুশীনগৰত এখন নির্বাচনী সভাক সম্বোধন কৰি কয় যে কেৱল মাত্ৰ বিজেপিহে দেশৰ সীমান্তক সুৰক্ষিত কৰিবলৈ সক্ষম। তেওঁ পাছত দেওৰীয়াতো নিৰ্বাচনী প্ৰচাৰ চলায় আৰু গোড়খপুৰত এটা মেগা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। আনহাতে, সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে কালি কয় যে বিজেপিয়ে দেশৰ যুৱ প্ৰজন্মক আভুৱা ভাৰিছে আৰু যদিহে আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহে, তেন্তে অগ্নিবীৰ আঁচনি বাতিল কৰা হ’ব। বিহাৰতো নিৰ্বাচন হ’বলগীয়া ৮টা লোকসভা সমষ্টিত প্ৰচাৰ অভিযান অব্যাহত আছে। বিহাৰ বিজেপিৰ অধ্যক্ষ তথা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী সম্রাট চৌধাৰীয়ে কালি পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ দীঘাত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। তেওঁ ৰাজ্যখন পিচ পৰি থকাৰ বাবে আৰ জে ডি আৰু কংগ্ৰেছক জগৰীয়া কৰে। নেতাগৰাকীয়ে নালন্দা, জেহানাবাদ আৰু কাৰাকাট সংসদীয় সমষ্টিতো প্ৰচাৰ সভাত ভাগ লয়। আৰ জে ডিৰ মুৰববী লালু প্ৰসাদেও পাতলিপুত্ৰ সমষ্টিৰ বিভিন্ন অঞ্চলত নির্বাচনী প্ৰচাৰ চলায়। সমষ্টিটোৰ ফুলৱাৰী শ্বৰিফত এখন জনসভাত সম্বোধন কৰি দলটোৰ নেতা তেজস্বী প্ৰসাদ যাদৱে নিৰ্বাচনত আই এন ডি আই মিত্রজোঁটে ৩০০খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰে।

অধিক পঢ়ক

সকলো চাওক