সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা

ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ ময়দানত এখন নির্বাচনী সভাক সম্বোধন কৰে। তেওঁ কয় যে ৪ জুনৰ পাছত দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে অধিক তীব্ৰতৰ হৈ উঠিব। ঝাৰখণ্ড মুক্তিমৰ্চা আৰু কংগ্ৰেছে নিজৰ কাৰ্যকালত ঝাৰখণ্ডক লুণ্ঠন কৰা আৰু বিপুল পৰিমাণৰ ধন আহৰণ কৰা বুলি প্রধানমন্ত্রীয়ে অভিযোগ তোলে। তেওঁ কয় যে ৰাজ্যখনৰ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী, সাংসদ আৰু বিষয়ববীয়াসকলৰ বিৰুদ্ধে চলোৱা তালাচীত বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছে। ২০১৪ চনৰ পূৰ্বে দেশৰ জনসাধাৰণ কংগ্ৰেছৰ অপশাসনক লৈ অতিষ্ঠ হৈ পৰিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জে এম এম, কংগ্ৰেছ, আৰ জে ডি আৰু আই এন ডি আই মিত্রজোট দুৰ্নীতি আৰু স্বজনতোষণৰ সৰ্ববৃহৎ আৰ্হিৰূপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দেশক এই অপশক্তিসমূহৰ পৰা মুক্ত কৰাৰ সংকল্প গ্রহণ কৰিছে। তেওঁ লগতে জে এম এম নেতৃত্বাধীন শাসকীয় মিত্রজোটে ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰীসকলৰ ৰক্ষণাবেক্ষণ দিয়া আৰু জনজাতীয় লোকৰ স্বাৰ্থৰ প্ৰতি আওকান কৰা বুলি অভিযোগ উত্থাপন কৰে। পাছত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ বাৰাচাত আৰু বচিৰহাট সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত উত্তৰ চবিবছ পৰগণা জিলাত প্ৰচাৰত অংশ লয়। প্ৰচাৰ কালত শ্রীমোদীয়ে কয় যে, তেওঁৰ শাসনকালত দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰা হৈছে। তেওঁ কয় যে, কংগ্ৰেছ আৰু আই এন ডি আই মিত্রজোটে সৰ্বসাধাৰণ ৰাইজৰ কথা চিন্তা নকৰে বৰং তেওঁলোক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে যত্নপৰ। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত পশ্চিমবংগৰ মতুৱা সম্প্রদায়ক নাগৰিকত্ব প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰৰ অধীনত মহিলাসকলৰ সৱলীকৰণৰ হকে ভালেমান পদক্ষেপ লোৱা হৈছে।
বিহাৰতো সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে আজি কাৰাকত সংসদীয় সমষ্টিত বৰুণত এখন নির্বাচনী সভাত ভাগ লৈ আই এন ডি আই মিত্রজোটে লোকসভা নিৰ্বাচনত মুখ থেকেচা খাব বুলি দাবী কৰে। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আজি পাটনা চাহিব লোকসভা সমষ্টিত এখন জনসভাত ভাষণ দিয়ে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অত্যাধুনিক সা-সুবিধাৰে এখন নতুন ভাৰত গঢ়বি বিচাৰে, কিন্তু আৰ জে দি আৰু কংগ্ৰেছে উন্নয়নমূলক কাম-কাজ ব্যাহত কৰিব বিচাৰে। তেওঁ কয় যে, প্রধানমন্ত্রী জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰিছে আৰু ইয়াৰ ফলত অঞ্চলটোত সন্ত্ৰাসবাদৰ ঘটনা হ্ৰাস পাইছে। ইফালে, জে দি ইউৰ সভাপতি তথা মুখ্যমন্ত্রী নীতিশ কুমাৰে আজি নালান্দা সমষ্টিত এখন নির্বাচনী সভাত ভাগ লয় । তেওঁ পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ বাবে আৰ জে দিৰ মুৰববী লালু প্রসাদ যাদৱক তীব্র সমালোচনা কৰে। আনহাতে, আৰ জে ডিৰ মুৰববী লালু প্রসাদ যাদৱে আজি পাটনাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে এইবাৰৰ লোকসভা নির্বাচন সংৰক্ষণ ব্যৱস্থা আৰু ভাৰতীয় সংবিধানৰ সুৰক্ষাৰ যুঁজৰূপে পৰিগণিত হৈছে। এই নিৰ্বাচনত বিজেপিৰ ৪০০ তকৈ অধিক আসনৰ দাবী নিৰৰ্থক প্ৰমাণিত হ’ব বুলিও তেওঁ উল্লেখ কৰে। আৰ জে ডি নেতা তেজশ্বী যাদৱে বক্সাৰত দলৰ হকে প্ৰচাৰ চলায়। তেওঁ চাচাৰাম, জেহেনাবাদ আৰু পাতলিপুত্ৰ সমষ্টিত ৩ খন নিৰ্বাচনী সভাত ভাগ লোৱাৰ কথা আছে।

অধিক পঢ়ক

সকলো চাওক