লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ

ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ খেলপথাৰত এখন নির্বাচনী সভাক সম্বোধন কৰিব। বিজয় সংকল্প যাত্ৰাৰ অংশ হিচাপে সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা সীতা ছ’ৰেনৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছে। ইপিনে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কাইলৈ দেওঘৰত তখন নিৰ্বাচনী সভাত ভাগ ল’ব । আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও সমষ্টিটোত পৰহিলৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। প্রধানমন্ত্ৰীয়ে আজি পশ্চিমবংগৰ বাৰাচাত সমষ্টিৰ দুখন নিৰ্বাচনী সভাত ভাগ ল’ব। তেওঁ লগতে কলকাতাত এটা ৰোড শ্ব’তো ভাগ ল’ব । ইফালে, আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে আজি বক্সাৰ, চাচাৰাম, জেহানাবাদ আৰু পাতলিপুত্ৰ সমষ্টিত কেইবাখনো নির্বাচনী সভাত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক