লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া ৫ বজাত নির্বাচনী প্ৰচাৰৰ অন্ত পৰিব। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্ৰহণ কৰা হ’ব। অন্তিম পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পর্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিসমূহত শাসক-বিৰোধী উভয় দলৰ ৰাজনৈতিক নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিৰক্ষা মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰ, ৰবাৰ্টছগঞ্জ আৰু চান্দৌলী লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব।
একেদৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কুশীনগৰ আৰু ছোনভদ্ৰা সমষ্টিত ৰোড শ্ব’ত ভাগ ল’ব। ইপিনে, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে আজি মহাৰাজগঞ্জ আৰু ঘোছি সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।
ইপিনে, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ঝাৰখণ্ডৰ ডুমকাত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। ৰাজ্যখনৰ বিজেপিৰ মুৰববী বাবুলাল মুৰাণ্ডিয়ে গোদ্দা আৰু চাহিবগঞ্জত, আৰু মুখ্যমন্ত্ৰী চম্পাই চোৰেণে গোদ্দা, ডুমকা আৰু চাহিবগঞ্জত নিৰ্বাচনী সভাত ভাগ ল’ব। প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোডীয়ে কালি ওড়িশাত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্রীমোডীয়ে ময়ুগঞ্জ লোকসভা সমষ্টিৰ বড়ীপদাত, বালাছোৰ লোকসভা সমষ্টিৰ ৰেমু নাথ আৰু কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ বাৰুৱাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগ, ঝাৰখণ্ড আৰু ওড়িশাৰ ভোটদাতাসকলৰ আনন্দ আৰু উৎসাহ প্রত্যক্ষ কৰি তেওঁ কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোডী চৰকাৰ গঠন হ’ব বুলি নিশ্চিত হৈছে। উত্তৰ প্ৰদেশতো নির্বাচন হ’বলগীয়া সমষ্টিসমূহত জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কালি ৰাজ্যখনত ৪খন নিৰ্বাচনী প্ৰচাৰ সভা আৰু এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। মহাৰাজগঞ্জ প্ৰথমখন সভাত ভাগ লৈ শ্ৰীশ্বাহে কয় যে বিজেপিয়ে ইতিমধ্যে হৈ যোৱা নিৰ্বাচনৰ প্ৰথম পাঁচটা পৰ্যায়তে ৩০০ খনতকৈ অধিক আসন লাভ কৰিব আৰু ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত এই সংখ্যা চাৰিশৰো অধিক হোৱাৰ সম্ভাৱনা আছে। দেওৰীয়াত আন এখন সভাত ভাগ লৈ তেওঁ পাক অধিকৃত কাশ্মীৰ ভাৰতৰো অবিচ্ছেদ্য অংগ বুলি মন্তব্য কৰে। তেওঁ কয় যে কেন্দ্ৰত মোডী চৰকাৰ থকা বাবেই সাম্প্রতিক সময়ত কোনো সন্ত্রাসবাদীয়ে দেশত কোনোধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্য কৰিবলৈ সাহস নকৰে। তেওঁ বাল্লিয়া আৰু ছনভদ্ৰাতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিয়লিৰ ভাগলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘাজিপুৰত এটা ৰোড শ্বত ভাগ লয়।

কংগ্ৰেছৰ অধ্যক্ষ মল্লিকার্জুন খাৰ্গেই কালি বালাছোৰত এখন জনসভা সম্বোধন কৰে। সভাত তেওঁ প্ৰধানমন্ত্ৰী শ্ৰীমোডীক দুখীয়া বিৰোধী তথা কৃষক বিৰোধী বুলি উল্লেখ কৰে। তেওঁ কয় যে আই এন ডি আই মিত্রজোঁটে কেন্দ্ৰত পৰৱৰ্ত্তী চৰকাৰ গঠন কৰিব আৰু দুমাহৰ ভিতৰতে ৩০ লাখ নিবনুৱাক চাকৰিত নিয়োগ কৰিব। ইপিনে, জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে কালি কুশীনগৰত এখন নির্বাচনী সভাত ভাষণ দি কয় যে কেৱল মাত্ৰ বিজেপিহে দেশৰ সীমান্তক সুৰক্ষিত কৰিবলৈ সক্ষম। তেওঁ পাছত দেওৰীয়াতো নিৰ্বাচনী প্ৰচাৰ চলায় আৰু গোড়খপুৰত এটা মেগা ৰোড শ্বত অংশগ্ৰহণ কৰে। আনহাতে, সমাজবাদী পাৰ্টীৰ মুৰবৰী অখিলেশ যাদৱে কালি কয় যে আই এন ডি আই মিত্ৰজোঁট ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনি বাতিল কৰা হ’ব। বিহাৰতো নির্বাচন হ’বলগীয়া ৮টা লোকসভা সমষ্টিত প্ৰচাৰ অভিযান অব্যাহত আছে। বিহাৰ বিজেপিৰ অধ্যক্ষ তথা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী সম্রাট চৌধাৰীয়ে কালি পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ দীঘাত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। তেওঁ ৰাজ্যখন পিচ পৰি থকাৰ বাবে আৰ জে ডি আৰু কংগ্ৰেছক জগৰীয়া কৰে। নেতাগৰাকীয়ে নালন্দা, জেহানাবাদ আৰু কাৰাকাট সংসদীয় সমষ্টিতো প্ৰচাৰ সভাত ভাগ লয়। আৰ জে ডিৰ মুৰববী লালু প্রসাদেও পাতলিপুত্ৰ সমষ্টিৰ বিভিন্ন অঞ্চলত নির্বাচনী প্ৰচাৰ চলায়। সমষ্টিটোৰ ফুলৱাৰী শ্বৰিত এখন জনসভাত সম্বোধন কৰি দলটোৰ নেতা তেজস্বী প্রসাদ যাদৱে নিৰ্বাচনত আই এন ডি আই মিত্রজোঁটে ৩০০খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰে।

অধিক পঢ়ক

সকলো চাওক