কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী, অগ্নিনির্বাপক, গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ এহেজাৰ ৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্রদান কৰিছে। তেলেংগানা আৰক্ষীৰ মুখ্য কনিষ্টবল চাদুহু য়াদেয়াক বীৰত্বৰ বাবে ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হয়। গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে ২১৩ জন জোৱানক বীৰত্বৰ বাবে পদক প্ৰদান কৰা হৈছে। লগতে ৯৪টা বিশিষ্ট সেৱা ৰাষ্ট্ৰপতি পদকৰ ভিতৰত ৭৫টা আৰক্ষী সেৱা, ৮টা অগ্নিনির্বাপক সেৱা, ৮টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱা আৰু ৩টা সংশোধনী সেৱা প্ৰদান কৰা হৈছে ।
অসম আৰক্ষীৰ ১৪ গৰাকী বিষয়া জোৱানলৈ এইবাৰ বিশিষ্ট আৰু উৎকৃষ্ট সেৱাৰ বাবে পদক আগবঢ়োৱা হৈছে। অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰত্না সিংহই উল্লেখনীয় সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে। আনহাতে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক বিজয় গিৰি কুলিগাম, আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়ন, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, আৰক্ষী অধীক্ষক সিংহাম মিলি, উপ পরিদর্শক ত্রৈলোক্য শর্মা, নায়ক বিজু লহকৰ, উপ পৰিদৰ্শক বিপুল শইকীয়া, নায়ক প্রফুল্ল ডেকা, সহকাৰী উপ পৰিদৰ্শক কামিনী ডেকা, নায়ক শৈলেন কাকতি, পৰিদর্শক মনোজ কুমাৰ সিং, নায়ক কান্ত সিংহ আৰু নায়ক ইনামুল হকক বিশিষ্ট সেৱাৰ পদকৰ বাবে নিৰ্বাচিত কৰা হয় ৷