ডাউনলোড
মোবাইল এপ

android apple
signal

৭৬সংখ্যক গণৰাজ্য দিৱসৰ কুচ-কাৱাজত মুঠ ২৬টা প্রতীকপট প্ৰদৰ্শিত হ’ব

৭৬সংখ্যক গণৰাজ্য দিৱসৰ কুচ-কাৱাজত দেশৰ বৈচিত্ৰ্য আৰু সাংস্কৃতিক সর্বাত্মকতা তুলি ধৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন মন্ত্ৰ্যালয়ৰ মুঠ ২৬ টা প্রতীকপট সাজি উলিওৱা হৈছে। স্বর্ণিম ভাৰত : ঐতিহ্য আৰু বিকাশ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এই প্রতীকপটসমূহ সাজি উলিওৱা হৈছে। এইবাৰ গণৰাজ্য দিৱসৰ কুচ-কাৱাজত ভিন ভিন বিষয়বস্তুৰে নিৰ্মাণ কৰি উলিওৱা ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ ১০ টা প্ৰতীকপট অন্তৰ্ভুক্ত কৰা হ’ব। এই প্রতীকপটসমূহে দেশৰ বিবিধ শক্তি প্ৰদৰ্শন কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। এইবাৰৰ কুচ-কাৱাজত শক্তিশালী আৰু সুৰক্ষিত ভাৰত বিষয়বস্তু আধাৰিত সেনা বাহিনীৰ তিনিওটা শাখাৰ এটা প্রতীকপটো চামিল হ’ব। এইবেলি প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ কুচ-কাৱাজত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এটা প্রতীকপট অন্তৰ্ভুক্ত কৰা হ’ব। আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ধৰিত্ৰী বিজ্ঞান মন্ত্ৰ্যালয়ৰ সচিব ড° এম ৰবিচন্দ্ৰনে কালি কয়, যে বতৰ বিজ্ঞান বিভাগৰ বাবে ইয়াৰ ডেৰশ বছৰজোৰা চহকী ইতিহাস আৰু ঐতিহ্য জনসাধাৰণৰ সন্মুখত তুলি ধৰাটো সঁচাকৈ গৌৰৱৰ কথা। কুচ-কাৱাজত অংশ ল’বলগীয়া অন্য প্রতীকপটসমূহৰ ভিতৰত দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সৃজনশীলতা উদযাপন কৰা সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ প্ৰতীকপট অন্যতম। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহ্যও-বিকাশো মন্ত্ৰৰে অনুপ্ৰাণিত হৈ এই প্ৰতীকপট নিৰ্মাণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক