কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত ৭৬ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ৭২ হাজাৰ আন্তঃগাঁথনি প্রকল্প নিৰ্মাণ কৰা হৈছে। লোকচান হ্ৰাস কৰা, খেতিয়কসকলক উচিত মূল্য প্ৰদান কৰা, কৃষি ক্ষেত্ৰত উদ্ভাৱনত উদগনি যোগোৱা আৰু কৃষি আন্তঃগাঁথনিৰ বাবে বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে শস্য চপোৱাৰ পাছত ব্যৱস্থাপনা আন্তঃগাঁথনি বিকশাই তোলাৰ উদ্দেশ্যে ২০২০ চনত এই আঁচনিখন শুভাৰম্ভ কৰা হৈছিল। কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত বেংক আৰু বিত্তীয় প্রতিষ্ঠানসমূহে যোগ্য ঋণ গ্রহণকাৰীসকলক ১ লাখ কোটি টকা প্ৰদান কৰিছে। লোকসভাত সোধা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰী চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে মজুতকৰণৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ কৰিছে যাতে খেতিয়কসকলে সামগ্ৰীৰ উচিত মূল্য লাভ কৰে। চৰকাৰে শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে অহৰহ কাম কৰি আছে বুলিও তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত কৃষি খণ্ডৰ বিকাশ হাৰ প্ৰায় ৪ শতাংশ আৰু বৃহৎ পৰিমাণৰ খাদ্য সামগ্ৰী মজুত আছে।
Site Admin | July 30, 2024 7:16 PM | 72 thousand infrastructure projects built across country