বিগত ডেৰ বছৰত দেশত প্ৰায় ১০ লাখ চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তিপত্ৰ বিতৰণ কৰি দিয়া ভাষণত শ্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে। দেশখনৰ যুৱ প্ৰজন্মৰ মাজত থকা প্ৰতিভা আৰু সম্ভাৱনাৰ সম্পূৰ্ণৰূপে সু-ব্যৱহাৰ কৰাৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দিছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰৰ নীতি আৰু সিদ্ধান্তসমূহৰ ফলত বিশেষকৈ গ্ৰামাঞ্চলত নিয়োগ আৰু আত্মসংস্থাপনৰ বাবে নতুন সুযোগ-সুবিধাৰ সৃষ্টি হৈছে। ভাৰতে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তুলিবলৈ সংকল্প লৈছে বুলিও তেওঁ কয়। কেন্দ্ৰীয় চৰকাৰে মেক ইন ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত, ষ্টার্টআপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া আদিৰ দৰে আঁচনিসমূহ যুৱ প্ৰজন্মক লক্ষ্য কৰিয়েই গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ভাৰতে প্ৰতিৰক্ষা খণ্ডত উৎপাদনত অধিক গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ ফলত যুৱক-যুৱতীসকল বিশেষভাৱে উপকৃত হ’ব। শ্ৰী মোদীয়ে লগতে ভাৰত সম্প্ৰতি ম’বাইল ফোন উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় বৃহৎ আৰু তৃতীয় সৰ্ববৃহৎ ষ্টার্টআপ অনুকুল দেশ হিচাপে পৰিগণিত হৈছে বুলি জানিবলৈ দিয়ে।
দেশৰ অন্যান্য প্ৰান্তৰ অসমতো আজি নিযুক্তি মেলাৰ আয়োজন কৰা হয়। গুৱাহাটীত আয়োজিত এই কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও নৱনিযুক্ত প্ৰাৰ্থীৰ সৈতে মত বিনিময় কৰাৰ উপৰি তেওঁলোকক নিষ্ঠা আৰু একাগ্ৰতাৰে নিজৰ কাম কৰি যাবলৈ আহ্বান জনায়।
বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিলচৰত আয়োজিত ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে দেশৰ ৪৫খন ঠাইত আজি নিযুক্তি পত্ৰ বিতৰণৰ বাবে বিশেষ মেলা অনুষ্ঠিত হয়। নতুনকৈ নিযুক্তিপ্রাপ্ত সকলে গৃহ পৰিক্ৰমা, উচ্চ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্তীয় সেৱা আদি বিভাগত যোগদান কৰিব। ২০২২ চনৰ অক্টোবৰত আৰম্ভ হোৱা ৰোজগাৰ মেলা এতিয়ালৈকে ৫০খন চহৰত ৰাষ্ট্ৰীয় পৰ্যায়ত ১৩বাৰ আয়োজন কৰা হৈছে।