লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

→ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ কালি অন্তিম দিনা ৰাজ্যৰ ৫টা লোকসভা সমষ্টিৰ বাবে কালি ৩৮খন মনোনয়ন দাখিল কৰা হয়। ইয়াৰে দৰং-ওদালগুৰিত ৫ গৰাকী, ডিফুত এগৰাকী, কৰিমগঞ্জত ২০ গৰাকী, শিলচৰত দুগৰাকী আৰু নগাঁৱত ১০গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰে।

ImageImage

এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্য পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপি সাংসদ কৃপানাথ মল্লা, দিলীপ শ‍ইকীয়া, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিপিএফৰ বিধায়ক দুর্গাদাস বড়ো আছে। এ আই ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছেও তৃতীয় পৰ্যায়ৰ বাবে প্রার্থী থিয় কৰাইছে। মনোনয়নপত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব।

মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন হৈছে ৮ এপ্রিল। দ্বিতীয় পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ত সামৰিবলগীয়া সমষ্টিকেইটাৰ ভিতৰত কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৭টা, অসম আৰু বিহাৰৰ ৫টাকৈ, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা তথা জম্মু-কাশ্মীৰৰ এটাকৈ সমষ্টি আছে। এই পৰ্যায়ৰ বাবে ২৬ এপ্ৰিলত ভোটগ্রহণ অনুষ্ঠিত হ’ব। জম্মু- কাশ্মীৰৰ সমষ্টিটোৰ বাহিৰে বাকী সমষ্টি কেইটাৰ বাবে আজি মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। জম্মু-কাশ্মীৰত কাইলৈ মনোনয়ন পৰীক্ষা কৰা হ’ব।

Read More News :

ক্ৰ’ৱেছিয়াত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ ৪গৰাকী খেলুৱৈ

ৰাজ্যত বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সামৰণি পৰে

কম ভোটদান হোৱা ১১ খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নির্বাচনী বিষয়াৰ সন্মিলনৰ আয়োজন নির্বাচন আয়োগৰ

অধিক পঢ়ক

সকলো চাওক