দেশৰ ৯৩টা সমষ্টিত ৬৫.১৯ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি দেশৰ ৯৩টা সমষ্টিত ৬৫.১৯ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮৫.৪৫ শতাংশ, বিহাৰত ৫৮.৫৮ শতাংশ, ছত্তিশগড়ত প্রায় ৭১.৯৮ শতাংশ, দাদা-নগৰ হাভেলি আৰু দমন-দিউত ৬৯.৮৭ শতাংশ, গুজৰাটত ৫৯.৫১ শতাংশ, কর্ণাটকত ৭১.৭৮ শতাংশ, গোৱাত ৭৫.২০ শতাংশ, মধ্যপ্রদেশত ৬৬.৭১ শতাংশ, মহাৰাষ্ট্ৰত ৬১.৪৪ শতাংশ, উত্তৰ প্ৰদেশত ৫৭.৫৫ শতাংশ আৰু পশ্চিমবংগত ৭৭.৫৩ শতাংশ ভোটদান হয়। তৃতীয় পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰৰ ১১টা, উত্তৰ প্ৰদেশৰ ১০টা, মধ্যপ্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসমৰ ৪টা, পশ্চিমবংগৰ ৪টা, গোৱাৰ দুটা সমষ্টিৰ লগতে কেন্দ্ৰীয় শাসিত দাদা-নগৰ হাভেলি আৰু দমন-ি ন-ডিউৰ এটাকৈ সমষ্টিক সাঙুৰি লোৱা হয়। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ লগে লগে দেশৰ ২০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৮৩টা সংসদীয় সমষ্টিত ভোটগ্রহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিল। তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য, বাওঁপন্থী উগ্রবাদ প্রভাৱিত এলেকা ছত্তিশগড়, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশতো ভোটগ্ৰহণৰ প্ৰক্ৰিয়া সম্পন্ন হয়। তৃতীয় পৰ্যায়ত মুঠ এহেজাৰ ৩৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পর্যায়ত প্রতিদ্বন্দ্বিতা কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত- বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, মনসুখ মন্দাভিয়া, জ্যোতিৰাদিত্য সিন্ধিয়া, প্ৰহ্লাদ যোশী, শিৱৰাজ সিং চৌহান, বাসৱৰাজ বোম্বাই, কংগ্ৰেছ নেতা দিগ্বিজয় সিং আৰু অধীৰৰঞ্জন চৌধুৰী, সমাজবাদী পাৰ্টীৰ ডিম্পল যাদৱ, এন চি পি শাৰদ পাৱাৰ গোটৰ সুপ্রিয়া সুলে অন্যতম।

অধিক পঢ়ক

সকলো চাওক