ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত সামগ্রিকভাৱে ৬০ শতাংশতকৈ অধিক ভোটদান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। এই পর্যায়ত নিশা চাৰে ১০ বজা পর্যন্ত সামগ্রিকভাৱে ৬০ শতাংশতকৈ অধিক ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। কালি দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হয়। পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা, মহাৰাষ্ট্ৰৰ ১৩টা, পশ্চিমবংগৰ ৭টা, ওড়িশা আৰু বিহাৰৰ ৫টাকৈ, ঝাৰখণ্ডৰ তিনিটা আৰু জম্মু- কাশ্মীৰ তথা লাডাখৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হয়। এই পৰ্যায়ত ৬৯৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।

জম্মু-কাশ্মীৰৰ বাৰামুল্লাত শান্তিপূর্ণভাৱে ভোটগ্রহণ সম্পন্ন হয় আৰু সমষ্টিটোত যোৱা ৩৫ বছৰৰ ভিতৰত সৰ্বাধিক ৫৮ শতাংশৰো অধিক ভোটদানৰ বাতৰি পোৱা গৈছে। ইপিনে বিহাৰত ৫৫ শতাংশ, ঝাৰখণ্ডত ৬৩ শতাংশ, লাডাখত ৭০ শতাংশ, মহাৰাষ্ট্ৰত ৫৪ শতাংশ, উত্তৰ প্ৰদেশত ৫৮ শতাংশ আৰু পশ্চিমবংগত ৭৬ শতাংশ ভোটদান হয়। পঞ্চম পৰ্যায়ক সামৰি এতিয়ালৈকে দেশৰ ২৫ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪২৮টা সংসদীয় সমষ্টিত সাধাৰণ নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হৈছে। ইয়াৰ লগতে অৰুণাচল প্রদেশ, ছিকিম, অন্ধ্ৰপ্ৰদেশ ৰাজ্য বিধানসভা আৰু ওড়িশাৰ ৰাজ্য বিধানসভাৰ ৬৩খন বিধানসভা আসনৰ বাবে ইতিমধ্যে ভোটগ্রহণ সম্পন্ন হৈছে।

অধিক পঢ়ক

সকলো চাওক