চতুৰ্থ সু-শাসন সপ্তাহ আৰু প্ৰশাসন গাঁৱৰ দিশে অভিযানৰ সফলতাৰে সামৰণি পৰিছে। প্ৰশাসন সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ যুটীয়া উদ্যোগত যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ সু-শাসন সপ্তাহ আৰু ৰাষ্ট্ৰজোৰা প্ৰশাসন গাঁৱৰ দিশে অভিযান ৰূপায়ণ কৰা হয়। দেশৰ সৰ্ববৃহৎ কাৰ্যসূচী হিচাপে বিবেচিত হোৱা এই ব্যৱস্থাই নাগৰিককেন্দ্ৰিক শাসন আৰু জনসাধাৰণলৈ সকলো ধৰণৰ সেৱা নিজ ঘৰতে আগবঢ়োৱাৰ দিশত গুৰুত্ব আৰোপ কৰিছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে প্রশাসন গাঁৱৰ দিশে কেৱল এটা শ্লোগানেই নহয় বৰং ই হৈছে কাৰ্যকৰী শাসন ব্যৱস্থাত গ্ৰাম্য সম্প্ৰদায়ৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে গ্ৰহণ কৰা এটা সংস্কাৰমূলক কাৰ্যসূচী। এই অভিযানৰ সময়ছোৱাত জনসাধাৰণলৈ উন্নত সেৱা প্ৰদানৰ উদ্দেশ্যে ৰাজহুৱা ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰাৰ বাবে তেহচিলৰ মুখ্য কাৰ্যালয় আৰু পঞ্চায়তসমূহত বিশেষ কাৰ্যসূচী আৰু শিবিৰ আদি অনুষ্ঠিত হয়।
Site Admin | December 27, 2024 11:13 AM | 4th Sushasan Saptah & ‘Prashasan Gaon ki Ore’ campaign conclude
চতুৰ্থ সু-শাসন সপ্তাহ আৰু প্ৰশাসন গাঁৱৰ দিশে অভিযানৰ সামৰণি
