লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। চতুর্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মাত্ৰ তিনিটা দিন থকা অৱস্থাত প্রধান ৰাজনৈতিক দলসমূহৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি বিয়লি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, উন্নাও, মোহনলাল গঞ্জ আৰু ৰায়বৰেলি সংসদীয় সমষ্টিৰ দলীয় কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। তেওঁ লগতে চতুর্থ পৰ্যায়ত সামৰি ল’বলগীয়া সমষ্টিসমূহৰ বিধায়ক আৰু বিধায়িনী পৰিষদৰ সদস্যসকলৰ সৈতেও আলোচনাত মিলিত হ’ব।

Image

Image

Image

এই বৈঠকৰ পূৰ্বে বিজেপি নেতাগৰাকীয়ে চিত্রকুট আৰু ফতেহপুৰ জিলাত নির্বাচনী সভাত ভাগ ল’ব। আনহাতে, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে আজি বাহৰেইচ, ধৌৰাহৰা আৰু লখিমপুৰ খ্ৰেীত প্ৰচাৰ চলাব। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে আজি তেলেংগানাৰ ভোনগিৰ লোকসভা সমষ্টিৰ দলীয় প্রার্থী ড° বুৰানৰশ্বেইহা গৌড়ৰ হকে প্ৰচাৰ চলাব । বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি পুৱা তেলেংগানাৰ ভংগিৰ লোকসভা সমষ্টিত নির্বাচনী প্ৰচাৰত ভাগ লৈছে। তেওঁ দলীয় প্ৰাৰ্থী ড০ বুৰা নাচাইয়াহ গাউদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শর্মাই আজি ওড়িশাত বিজেপিৰ হকে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। আজিৰ প্ৰচাৰ অভিযানত তেওঁ নৱৰংগপুৰ লোকসভা সমষ্টিৰ মলকানগিৰিৰ লগতে চিত্রাকোন্দা আৰু খল্লিকোটত দলীয় প্রার্থীৰ হকে নির্বাচনী জনসভাত ভাষণ দিব।

কংগ্ৰেছৰ দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও আজি ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত ভাগ ল’ব। তেওঁ নৰ্ছাপুৰ আৰু হায়দাবাদৰ উপকণ্ঠৰ ছাৰুৰ নগৰত এখন জনসভাত অংশ ল’ব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাই আজি উত্তৰ প্ৰদেশৰ ৰায়বৰেলিত নিৰ্বাচনী প্ৰচাৰত ভাগ ল’ব। বি আৰ এছৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰ ৰাওৱে আজি কৰিমনগৰৰ এটা ৰোড শ্ব’ত অংশ লয়। দেশৰ মূল সমস্যাসমূহ আওকাণ কৰি ক্ষুদ্ৰ স্বাৰ্থৰ বাবে পাকিস্তানৰ লেখীয়া বিদেশী ৰাষ্ট্ৰৰ প্ৰসংগ অযথা টানি অনাৰ উপৰি দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ দৰে বিষয়ক লৈ তেওঁ বিজেপি চৰকাৰক সমালোচনা কৰে। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি তেলেংগানাৰ কৰিমনগৰ আৰু ৱাৰাংগলত নির্বাচনী সমাবেশত আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজমপেট আৰু বিজয়ৱাড়াত ৰোড শ্ব’ত ভাগ লয়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্রার্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মত প্রকাশ। ইপিনে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ জালনাত এখন জনসভাত ভাষণ দিয়ে। ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ সুৰক্ষা, সমৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাৰ আলোকপাত কৰে।

মহা মিত্ৰজোঁটৰ আৰ জে ডি, কংগ্ৰেছ আৰু বাওঁ দলৰ নেতাসকলেও কালি বিহাৰত নিৰ্বাচনী সভাত ভাগ লয় আৰু ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে কাৰাকাৰ্ট সংসদীয় সমষ্টিত অকোঢ়ীগোলাত এখন জনসভাত ভাষণ দিয়ে। শ্রীযাদৱে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ভাল দিনৰ নামত জনসাধাৰণৰ সৈতে বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে কেন্দ্ৰত এন ডি এ চৰকাৰৰ ১০ বছৰ শাসন কালৰ পাছত নিবনুৱা সমস্যা বৃদ্ধি পাইছে।

অধিক পঢ়ক

সকলো চাওক