আজি চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব

◆ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দাবাদৰ এল বি ষ্টেডিয়ামত এখন নির্বাচনী সভাত ভাষণ দিয়ে। শ্রীমোদীয়ে কয় যে, বিজেপিয়ে বিগত ১০ বছৰত ভালেমান সমস্যা সমাধান কৰাৰ নিদৰ্শন আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পূৰ্বৰ কাৰ্যকালসমূহত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিৰ ইতিহাস আছে। তেওঁ লগতে জনসাধাৰণক ভোটদানৰ বাবে দল বাছনি কৰাৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। ইপিনে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেয়ে কালি তেলেংগানাৰ নাকৰেকলত প্ৰচাৰ চলায়। নেতাগৰাকীয় ভোট বিচৰাৰ সময়ত নিজৰ সাফল্য আৰু ইস্তাহাৰৰ বিষয়ে উল্লেখ নকৰা বাবে বিজেপিক তীব্র সমালোচনা কৰে। বি আৰ এছৰ মুৰববী কে চন্দ্ৰশেষৰ ৰাওৱে কালি বিয়লি চিৰচিলাত এটা ৰোড শত ভাগ লয় আৰু ছিদ্দিপেটত এখন নির্বাচনী সভা সম্বোধন কৰে।
ইফালে, কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি ঝাৰখণ্ডৰ খুমতিৰ কচহৰিত দলীয় প্রার্থী তথা কেবিনেট মন্ত্ৰী অৰ্জুন মুণ্ডাৰ হকে প্ৰচাৰ চলায়। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙেও কালি ঝাৰখণ্ডৰ ডুমকাত দলীয় প্ৰাৰ্থী সীতা চোৰেনৰ হকে প্ৰচাৰত ভাগ লয়। তেওঁ লগতে গোড্ডাত বিজেপি প্রার্থী নিশিকান্ত ডুবেৰ হৈ এটা ৰোড শ্বটো অংশ লয়। উত্তৰ প্ৰদেশতো প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱ আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কালি কন্নৌজ আৰু কাণপুৰত যুটীয়াভাৱে দুখন নির্বাচনী সভাক সম্বোধন কৰে। ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কয় যে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে খেতিয়কসকলে দাৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ নহালৈকে তেওঁলোকক বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। আম আদমী পাৰ্টীৰে নেতা সঞ্জয় সিঙেও আই এন ডি আই মিত্রজোঁটৰ হকে নির্বাচনী সভাখনত ভাষণ দিয়ে।
কৰে।
ইপিনে, বহুজন সমাজপাৰ্টীৰ মুৰববী মায়াৱতীয়ে কালি কাণপুৰত কেইবাখনো নির্বাচনী সভাক সম্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক